অসমঅসম আৰক্ষীগুৱাহাটী

মহানাগৰিকক যিকোনো সময়তে সহায় কৰিবলৈ সাজু মহানগৰ আৰক্ষী, আৰক্ষীয়ে মুকলি কৰিলে দুটা হেল্পলাইন নম্বৰ

গোপনে ৰখা হ'ব ব্যক্তিৰ নাম আৰু পৰিচয়।

মহানগৰবাসীৰ বাবে সুখবৰ। মহানগৰৰ লোকক সহায় কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ মহানগৰ আৰক্ষী প্ৰশাসন। মহানগৰবাসীৰ সুবিধাৰ্থে আৰক্ষীয়ে মুকলি কৰিছে দুটা বিশেষ হেল্পলাইন নম্বৰ।

এই নম্বৰত ফোন অথবা হোৱাটছএপ কৰি মহানাগৰিকে ল’ব পাৰিব আৰক্ষীৰ সহায়। তদুপৰি কিবা অভিযোগ থাকিলেও দিব পাৰিব অভিযোগ। কোনো কাৰণতে আৰক্ষীয়ে ব্যক্ত নকৰে উক্ত ব্যক্তিৰ পৰিচয়। গোপনে ৰখা হ’ব ব্যক্তিৰ নাম আৰু পৰিচয়।

সহায়ৰ বাবে মুকলি কৰা নম্বৰ দুটা হৈছে 6026901246 আৰু 6026901247। এই দুয়োটা নম্বৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকিব। মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে সোমবাৰে ঘোষণা কৰিলে এই কথা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.