স্বাস্থ্য

দেখিলেই খাওঁ-খাওঁ লগা পকা আমৰ উপকাৰিতা কি জানেনে?

আপোনালোকে খাই ভাল পোৱা টেঙা-মিঠা আমৰ ঔষধি গুণ বহুত

গছত লাগি থকা, অথবা বজাৰত দমাই থোৱা পকা-পকা আম দেখিলে খাবলৈ মন নোযোৱা মানুহ খুউব কমেই ওলাব। আম খাই বেয়া পোৱা মানুহ বহু কম। অসমত আমৰ আদৰ বৰ বেছি। কেঁচা-পকা আম নিমখ ছটিয়াই তাত জলকীয়া সানি কলপাত অথবা কচু পাতত খোৱাৰ সোৱাদ অসমীয়াই জানে। বতৰৰ ফল আমক লৈ অসমীয়া সমাজত বহু প্ৰচলিত কবিতা, গানো আছে।

আপোনালোকে বাৰু সুস্বাদু ফল আমৰ উপকাৰিতাৰ বিষয়ে জানেনে? আপোনালোকে খাই ভাল পোৱা টেঙা-মিঠা আমৰ ঔষধি গুণ বহুত। পকা আম আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ইয়াৰ ঔষধি আৰু অন্যান্য গুণবোৰ হ’ল-

১)পকা পূৰঠ আমে হৃদযন্ত্ৰ সৱল কৰাৰ লগতে বীৰ্যবৰ্ধন কৰাত সহায় কৰে। পকা আমৰ ৰস গাখীৰৰ লগত মিহলাই খালে হৃদযন্ত্ৰ সৱল হয়।
২)পকা আম এৰাতি পানীত তিয়াই থৈ খালে বহুমূত্ৰ ৰোগ নিৰাময় হয়।
৩)স্মৃতিশক্তি সৱল কৰাটো সহায় কৰে পকা আমে। এমাহ ধৰি দৈনিক পকা আমৰ ৰসৰ লগত এচামুচ আদাৰ ৰস মিহলাই খালে স্মৃতি শক্তি বৃদ্ধি পায়।
৪)কেঁচুমূৰীয়া ৰোগৰ বাবে একাপ আমৰ ৰসৰ সৈতে আধা কাপ দৈ মিহলাই দিনটোত এবাৰকৈ এসপ্তাহ খালে কেঁচুমূৰীয়া ৰোগৰ পৰা হাত সাৰিব পাৰি।
৫)পকা আমৰ ৰস তিনি চামুচ ৰসৰ সৈতে এচামুচ মৌ মিহলাই খালে বহুমূত্ৰ ৰোগ আৰু যক্ষ্মা ৰোগত ভোগাসকলে উপশম পাব।
৬)আমৰ গুটিৰ চূৰ্ণ দুচামুচৰ লগত অলপ গৰম পানী মিহলাই ৰাতি শোৱাৰ আগতে খালে সকলো ধৰণৰ কৃমি নাশ হয়।
৭)উচ্চ ৰক্তচাপত পকা আমৰ ৰস দিনে একাপ এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়মীয়া হয়।

অৱশ্যে, ভোকত থাকিলে পকা আম কেতিয়াও খাব নালাগে। কেঁচা আম খালে ৰক্ত বিকাৰ, পিত্ত, বিষ, বায়ু ৰোগ হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button