AssamCity newsCMO Assamঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিদ্যুৎৰ পৰা বঞ্চিত চাপৰ অঞ্চলৰ কৃষক,পানী অবিহনে হাহাকাৰ কৰিছে কৃষক……

বিদ্যুৎৰ পৰা বঞ্চিত চাপৰ অঞ্চলৰ কৃষক

পানী অবিহনে হাহাকাৰ কৰিছে কৃষক

বিনষ্ট হৈছে হেজাৰ হেজাৰ বিঘা ইৰি ধানৰ খেতি

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ কৃষকৰ মাজত লাগিছে হাহাকাৰ। কৃষি লোন KCC আদিৰ পৰা টকা লৈ খেতি কৰা কৃষকৰ মূৰত ৰামটেঙোন দিছে চাপৰ বিদ্যুৎ উপ সংমণ্ডল। ইৰি খেতি কৰাৰ নামত ৰাইজে পানীৰ পাম্প চলোৱাৰ বাবদ প্ৰায় দহ হেজাৰ টকাকৈ চাপৰ বিদ্যুৎ বিভাগত অনুদান জমা দি পাম্প চলোৱাৰ অনুমতি লৈছে যদিও অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত মুৰে কপালে হাত দিছে অঞ্চলৰ কৃষক ৰাইজ। পানী অবিহনে বিনষ্ট হৈ গৈছে কৃষিভূমি। যিখিনি সময়ত বিদ্যুৎ বিভাগে বিদ্যুৎ যোগান ধৰে সেই সময়ত এগৰাকী ধুৰন্ধৰ দালালে(হুৰমুজ আলী) বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ অভিযোগ ধীৰেৰচৰ তাৰাঙ্গাপুৰৰ ৰাইজৰ। চাপৰ বিদ্যুৎ উপ সংমণ্ডলত চিণ্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ কৰে কৃষকে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 9 =

Back to top button