Covid-19জীৱনশৈলীভাৰতস্বাস্থ্য

ডিএনএ ভেকছিন Zycov-Dত ভাৰতৰ অনুমোদন

এইটো এটা বেজী-মুক্ত ভেকছিন

বিশ্বৰ প্ৰথম ডিএনএ ভেকছিন Zycov-D  ভাৰতত অনুমোদন। Zydus Cadila  দ্বাৰা নিৰ্মিত জাইকভ-ডি ভেকছিনটো আজি ডিচিজিআইয়ে অনুমোদন জনায়। জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ কৰাৰ ০, ২৮ আৰু ৫৬ দিনৰ পিছত ভেকছিনটো তিনিওটা পালি প্ৰদান কৰিব পাৰি। ভেকছিনটোৰ এতিয়ালৈকে আটাইতকৈ বৃহৎ পৰীক্ষণ সম্পন্ন হৈছে, য’ত প্ৰায় ২৮,০০০ লোকে অংশগ্ৰহণ কৰিছিল।

উল্লেখ্য যে, এইটো এটা বেজী-মুক্ত ভেকছিন। এনেধৰনৰ ফাৰ্মা জেট বেজীবোৰ বিনামূলীয়া প্ৰণালীৰ দ্বাৰা প্ৰদান কৰা হয়। ইয়াক ২ ৰ পৰা ৮ ডিগ্ৰীত সংৰক্ষণ কৰিব পাৰি। ইয়াৰ পূৰ্বে ভাৰতত কভিশ্বিল্ড, কোভেকছিন, স্পুটনিক, মডাৰ্ণা আৰু জে আৰু জে অনুমোদিত হৈছে। এই ভেকছিনৰ অনুমোদনৰ জৰিয়তে ১২ বছৰৰ অধিক বয়সৰ শিশুৰ কোভিড টিকাকৰণৰ পথো মুকলি  হৈছে। জাইডাছে জৈৱ প্ৰযুক্তি বিভাগৰ সহযোগত এই ভেকছিনটো নিৰ্মাণ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.