Socialভাৰত

সুকেশ চন্দ্ৰশেখৰৰ সৈতে কি সম্পৰ্ক জেকলিন ফাৰ্নাণ্ডেজৰ? জেকলিনক জেৰাৰ জাননী আৰক্ষীৰ

জেকলিন ফাৰ্নাণ্ডেজলৈ সোধ-পোছৰ বাবে জাননী প্ৰেৰণ কৰিলে দিল্লী আৰক্ষীয়ে। ১২ ছেপ্টেম্বৰত জেকলিনক সোধ-পোছৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে

সুকেশ চন্দ্ৰশেখৰৰ সৈতে কি সম্পৰ্ক অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ? জেকলিনক জেৰা কৰাৰ জাননী প্ৰেৰণ আৰক্ষীৰ

জেকলিন ফাৰ্নাণ্ডেজলৈ সোধ-পোছৰ বাবে জাননী প্ৰেৰণ কৰিলে দিল্লী আৰক্ষীয়ে। ১২ ছেপ্টেম্বৰত জেকলিনক সোধ-পোছৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ই অ’ ৱাই জেকলিনক প্ৰশ্ন কৰিব। সুকেশ চন্দ্ৰশেখৰ জালিয়াতিৰ গোচৰ সন্দৰ্ভত তেওঁক সোধ-পোছ কৰা হ’ব।

গুণ্ডা সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন হৈছে। সুকেশৰ বিৰুদ্ধে ২০০ কোটি টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক অভিযুক্ত কৰা একেটা গোচৰতে ইডিয়ে পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল।

চন্দ্ৰশেখৰক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অদিতি সিং আৰু ফাৰ্মাচিউটিকেল কোম্পানী ৰণবেক্সিৰ প্ৰাক্তন প্ৰমোটাৰ শিবিন্দৰ সিঙৰ পৰা ২১৫ কোটি টকা দাবী কৰাৰ অভিযোগত। এই গোচৰত ইডিয়ে এতিয়ালৈকে চন্দ্ৰশেখৰ, তেওঁৰ পত্নী লীনা মাৰিয়া পল, পিংকি ইৰাণীকে ধৰি ৮জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দিল্লীৰ এখন আদালতত দুখন চাৰ্জ শ্বীটো দাখিল কৰিছে।

শেহতীয়াকৈ একেটা গোচৰতে অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজকো জেৰা কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.