leatest updatenationalSocial

চিগাৰেটৰ ফিৰিঙতিৰ পৰা ৰে’লৰ ৱাশ্ব ৰুমত সৃষ্টি ভয়ংকৰ অগ্নিকাণ্ড।

বিহাৰ অভিমুখী বৈশালী এক্সপ্ৰেছৰ এটা দবাত পুৱতি নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

ৰে’লৰ ৱাশ্ব ৰুমত চিগাৰেটৰ ফিৰিঙতিৰ পৰা সৃষ্টি হ’ল ভয়ংকৰ অগ্নিকাণ্ড। বিহাৰ অভিমুখী বৈশালী এক্সপ্ৰেছৰ এটা দবাত পুৱতি নিশা এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। উত্তৰ প্ৰদেশৰ এটোৱাত 12554 বৈশালী এক্সপ্ৰেছৰ S-6 দবাত জুই লাগি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ ফলত ১৯জন লোক আহত হৈছে। অভিযোগ উঠা মতে, এজন লোকে ৰে’লখনৰ ৱাশ্ব ৰুমত চিগাৰেট সেৱন কৰি চিগাৰেটৰ জ্বলন্ত টুকুৰা ৱাশ্ব ৰুমত পেলাই দিয়ে।সেই টুকুৰাৰ পৰাই জুই বিয়পি পৰে।

উল্লেখনীয় যে ১২ ঘণ্টাৰ ভিতৰত ৰে’লত জুই লগা এইটো দ্বিতীয়টো ঘটনা। নতুন দিল্লী দাৰভাংগা ছুপাৰ ফাষ্ট এক্সপ্ৰেছতো এটোৱাৰ ওচৰতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। 02570 দিল্লী–দাৰভাংগা এক্সপ্ৰেছৰ S-1 শ্লিপাৰ দবাত জুই লগা প্ৰত্যক্ষ কৰে ছাৰাই ভোপাট ষ্টেচনত উপস্থিত লোকে। লগে লগে ট্ৰেইনখন ৰখোৱাৰ ব্যৱস্থা কৰি জুই নিৰ্বাপণৰ বাবে চেষ্টা চলোৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.