leatest updateঅসমদৈনিক বাতৰি

তিনিদিন ধৰি লুইতৰ বুকুত আবদ্ধ এটা হাতী।

উদ্ধাৰ কৰাত ব্যৰ্থ বন বিভাগৰ দল।

শোণিতপুৰৰ বৰছলা সমষ্টিৰ তেলিয়াগাওঁত ব্ৰক্ষ্মপুত্ৰৰ বুকুত তিনিদিন ধৰি আৱদ্ধ এটা বনৰীয়া হাতী। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে যদিও বৰ্তমানলৈকে হাতীটোক উদ্ধাৰ কৰাত ব্যৰ্থ হৈছে বন বিভাগৰ দল। পুৱা কাজিৰঙাৰ পৰা অহা এটা দলে হাতীটোৰ চিকিৎসা কৰে যদিও হাতীটো অসুস্থ বুলি মন্তব্য কৰে চিকিৎসকৰ দলটোৱে। লগতে অসুস্থতাৰ বাবে হাতীটো এনেদৰে পানীৰ মাজত সোমাই থকা বুলি মন্তব্য কৰিছে চিকিৎসকৰ দলটোৱে। হাতীটোৰ ভৰিত আঘাতপ্ৰাপ্ত বা ৰোগীয়া হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷

উল্লেখ্য যে, তিনিদিনে খাদ্যৰ অভাৱত ইতিমধ্যে স্বাস্থ্যৰ অৱনতি ঘটিছে হাতীটোৰ। পানীৰ মাজতে খোজ কাঢ়ি ঘুৰাফুৰা কৰি আছে হাতীটোৱে ৷ পানীৰ পৰা উঠি আহিবলৈ আপ্ৰাণ চেষ্টা কৰিছে যদিও দুৰ্বলতাৰ কাৰণে পানীৰ পৰা পাৰলৈ উঠিব পৰা নাই হাতীটো। ইতিমধ্যে ঘটনাস্থলীত বনবিভাগৰ লোকে হাতীটো পৰ্য্যবেক্ষন কৰি আছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.