প্ৰতিৰক্ষাভাৰত

ভাৰতীয় নৌ সেনাত নৱশক্তিৰ সংযোজন, সংযোগ কৰা হ’ল মিছাইল ধ্বংসকাৰী জাহাজ ‘INS Visakhapatnam’

ছাবমেৰিন ধ্বংস কৰিব পৰা শক্তিৰে সমৃদ্ধ 'INS Visakhapatnam'। এই জাহাজৰ জৰিয়তে শত্ৰু পক্ষৰ ক্ষেপনাস্ত্ৰ ধ্বংস কৰিব পাৰিব ভাৰতীয় নৌ সেনাই।

ভাৰতীয় নৌ সেনাত নতুন সংযোজন। দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰিলে নতুন ঘোষণা। ভাৰতীয় নৌসেনাত নৱশক্তিৰ সংযোজন। Project 15Bৰ অধীনত ভাৰতীয় নৌসেনাত সংযোগ কৰা হয় গোপন মিছাইল ধ্বংসকাৰী জাহাজ ‘INS Visakhapatnam’ ।

দেওবাৰে, মুম্বাইস্থিত নৌ সেনাৰ কমাণ্ডত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নৌসেনাক অৰ্পণ কৰে জাহাজখন। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে উপস্থিত থাকে নৌ বাহিনীৰ শীৰ্ষ কমাণ্ডাৰ। মুম্বাইত নৌ বাহিনীৰ মু্ৰব্বী এডমিৰেল কৰমবীৰ সিঙৰ উপস্থিতিত ৰাজনাথ সিঙে ঘোষণা কৰে এই কথা।

ছাবমেৰিন ধ্বংস কৰিব পৰা শক্তিৰে সমৃদ্ধ ‘INS Visakhapatnam’। এই জাহাজৰ জৰিয়তে শত্ৰু পক্ষৰ ক্ষেপনাস্ত্ৰ ধ্বংস কৰিব পাৰিব ভাৰতীয় নৌ সেনাই।

ভাৰতৰ প্ৰথম স্বদেশীয় P-15 মাৰক জাহাজ ‘INS Visakhapatnam’ হৈছে ভাৰতৰ প্ৰথম মিছাইল ধ্বংসকাৰী জাহাজ।

জাহাজ বিশাখাপট্টনমত আছে বিভিন্ন অস্ত্ৰ আৰু চেন্সৰ, যাৰ জৰিয়তে মিছাইল ধ্বংস কৰিব পৰা যাব। এই জাহাজত আছে বন্দুক, এন্টি চাবমেৰিন ৰকেটৰ লগতে বহুতো অত্যাধুনিক সুবিধা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.