ফেশ্বনবলিউডবিশ্ববোলছবিভাৰতমনোৰঞ্জন

সব্যসাচীৰ ডিজাইন কৰা শাৰী পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন! চাওক দীপিকাৰ লুক..,

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ দায়িত্ব ল’বলৈ সাজু হৈছে দীপিকা পাডুকনে। এইবাৰ ল’ৰিয়েলৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নহয় জুৰীৰ সদস্য হিচাপে

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ দায়িত্ব ল’বলৈ সাজু হৈছে দীপিকা পাডুকনে। এইবাৰ ল’ৰিয়েলৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নহয় জুৰীৰ সদস্য হিচাপে।

ৰেড কাৰ্পেট ৰিচেপচনৰ প্ৰথম দিনটোত জুৰীৰ সৈতে অংশগ্ৰহণ কৰে অভিনেত্ৰী দীপিকা পাডুকনে। ডিজাইনাৰ সব্যসাচীয়ে ডিজাইন কৰা ক’লা জিলিকি থকা শাৰীত দেখিবলৈ পোৱা গ’ল দীপিকাক।

মঙলবাৰে সন্ধিয়া তেওঁ ইনষ্টাগ্ৰামত কাঁ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম দিনৰ পৰা নিজৰ লুক শ্বেয়াৰ কৰে।

এইবাৰৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ জুৰীত পাঁচজন পুৰুষ আৰু চাৰিগৰাকী মহিলা আছে যিসকলে বিশ্ব চিনেমাৰ চেলিব্ৰিটি, আৰু এই ৯ জনেই এইবাৰৰ পাম ডি অ’ৰ বঁটাৰ বিজয়ীসকল নিৰ্বাচন কৰিব। ২০১৭ চনৰ পৰা দীপিকা পাডুকনে কাঁ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি আহিছে।

বৰ্তমানৰ ৭৫ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত ফৰাচী অভিনেতা ভিনচেণ্ট লিণ্ডনে জুৰীৰ অধ্যক্ষতা কৰিব।
জুৰীত আছে ৰেবেকা হল, নুমি ৰেপেচ আৰু ইটালীৰ অভিনেতা-পৰিচালক জেচমিন ট্ৰিংকাৰ সহ অভিনেত্ৰী দীপিকা পাডুকণ, লগতে পৰিচালক আছঘৰ ফাৰহাদী, লাডজ লী, জেফ নিকোলছ আৰু জোৱাচিম ট্ৰিয়েৰ।

উল্লেখ্য যে, দীপিকা পাডুকনে বৰ্তমান শ্বাহৰুখ খান আৰু জন আব্ৰাহাম অভিনীত ফাইটাৰ আৰু পাঠানত হৃতিক ৰোচনৰ সৈতে সহ অভিনয় কৰিছে। ২০২৩ চনৰ জানুৱাৰী মাহত ছবিগৃহত মুক্তি লাভ কৰিব পাঠান ছবিখন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.