অপৰাধঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীদুৰ্ঘটনা

মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটত ভয়কংৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

নিহত যুৱকজন যোৰহাট মৰিয়নীৰ ৰবি দাস বুলি জানিব পৰা গৈছে।

মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটৰ সমীপত সংঘটিত হয় এক ভয়কংৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত এজন পদপথৰ বাসিন্দা। AS 16 4705 নম্বৰৰ এখন মালভৰ্তি ট্ৰাকে AS 01 EC 9904 নম্বৰৰ পানীৰ টেংকাৰ মহতিয়াই প্ৰচণ্ড খুন্দা মাৰে ৰেলিঙত।

ভয়ংকৰ দুৰ্ঘটনাটোত পদপথত শুই থকা অৱস্থাত থিতাতে নিহত হয় লোকজন। লগতে গুৰুতৰভাৱে আহত হয় আন এজন লোক। নিহত যুৱকজন যোৰহাট মৰিয়নীৰ ৰবি দাস বুলি জানিব পৰা গৈছে।

উল্লেখ্য় যে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত পাণবজাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + twenty =

Back to top button