বিভিন্ন বে-আইনী কাৰ্যৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আৰক্ষীৰ উপ মহাপৰিদৰ্শক ৰৌনক আলী হাজৰিকা বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। সৰ্বসাধাৰণৰ পৰা দাবী হুমকিৰে টকা সৰকোৱা ৰৌনক আলীক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই।
আৰক্ষীৰ জিম্মাত থকা আৰক্ষী মহাপৰিদৰ্শকগৰাকীৰ হঠাৎ বুকুৰ বিষ হোৱাত বুধবাৰে MMCHত ভৰ্তি কৰোৱা হৈছিল ৰৌনক আলীক। হৃদৰোগত আক্ৰান্ত ৰৌনক আলীৰ স্বাস্থ্য অত্যাধিক অৱনতি ঘটাত ভৰ্তি কৰোৱা হৈছিল GMCHত।

উল্লেখ্য যে, GMCHৰ ICUত চিকিৎসাধীন হৈ থকা হৃদৰোগত আক্ৰান্ত হোৱা ৰৌনক আলী বৰ্তমান কিছু পৰিমাণে সুস্থ।
তেজৰ নমুনা পৰীক্ষা কৰা হয় DIG গৰাকীৰ। স্বাস্থ্য আৰু অধিক উন্নত হ’লে চাৰিদিনৰ ভিতৰত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হ’ব ৰৌনক আলীক। শুকুৰবাৰৰ দিনটোত নিজে খোৱা-বোৱা কৰাৰ কথাও উল্লেখ কৰে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই।


