জীৱনশৈলীভাৰতমনোৰঞ্জন

ঘোষণা হ’ল ‘ইণ্ডিয়ান আইডল ১২’ ৰ ফলাফল! ১২ ঘণ্টা ধৰি চলিল গ্ৰেণ্ড ফিনালে

জনতাৰ ভোটৰ আধাৰত ঘোষণা কৰা হ'ল ‘ইণ্ডিয়ান আইডল ১২’ৰ দাবীদাৰ

দেওবাৰে ঘোষণা কৰা হ’ল জনপ্ৰিয় সংগীত ৰিয়েলিটী শ্ব  ‘ইণ্ডিয়ান আইডল ১২’ ৰ ফলাফল।  ‘ইণ্ডিয়ান আইডল ১২- ২০২১ৰ’  বিজয়ৰ খিতাপ পিন্ধিলে উত্তৰাখণ্ডৰ বাসিন্দা পৱনদীপ ৰাজনে।

উল্লেক্ষ্য যে, পৱনদীপে ২০১৫ চনত টিভি শ্ব’ ‘দ’ ভইচ’ ৰ খিতাপো জয় কৰিবলে সক্ষম হৈছিল।

পৱনদীপ ৰাজনে সুন্দৰ গোৱাৰ লগতে কেইবাবিধো বাদ্যযন্ত্ৰ বজোৱাতো আছিল পাকৈত। সেয়েহে পৱনদীপ ‘ইণ্ডিয়ান আইডল ১২’ৰ খিতাপৰ প্ৰবল দাবীদাৰ আছিল।

দেওবাৰে ‘ইণ্ডিয়ান আইডল ১২’ ৰ গ্ৰেণ্ড ফিনালে দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ ১২ ঘণ্টা ধৰি অনুষ্ঠিত হয়। ‘ইণ্ডিয়ান আইডল ১২’ শ্ব’ৰ ইতিহাসত এতিয়ালৈকে আটাইতকৈ দীৰ্ঘ সময় ধৰি চলা ছিজন আছিল এয়া।

‘ইণ্ডিয়ান আইডল ১২’ ৰ ফিনালেত ৬গৰাকী প্ৰতিযোগী আছিল। প্ৰথমবাৰৰ বাবে ৬গৰাকী প্ৰতিযোগীয়ে একেলগে ফাইনেলত প্ৰৱেশ কৰিছিল। তাৰ ভিতৰত বিজয়ীৰ খিতাপ আজুৰে পৱনদীপ ৰাজনে

সম্পূৰ্ণ জনতাৰ ভোটৰ আধাৰত নিৰ্বাচিত কৰা হয় এই শ্ব’ৰ বিজেতা। শ্ব’ৰ প্ৰতিগৰাকী প্ৰতিযোগীয়ে তেওঁলোকৰ কণ্ঠৰ যাদুৰে প্ৰায় এবছৰ ধৰি মন্ত্ৰমুগ্ধ কৰিছিল দৰ্শকক। আৰু অৱশেষত ৬গৰাকী প্ৰতিযোগীৰ মাজত বিজয়ীৰ খিতাপ দখল কৰিলে পৱনদীপ ৰাজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.