Social

আজি বিশ্ব চাইকেল দিৱস, আপুনি জানেনে কিয় পালন কৰা হয় এই দিৱস?

শৈশৱতে প্ৰথম চাইকেল চলাবলৈ শিকোতে অধিকাংশ লোকেই চাইকেলৰ পৰা লুটি খাই পৰাৰ এক সুকীয়া অভিজ্ঞতা আছে। হাফ পেডেল অথবা ফুল পেডেল মাৰি চাইকেল চলোৱাৰ অভিজ্ঞতাও যথেষ্ট ভাললগা। 

আজি বিশ্ব চাইকেল দিৱস। প্ৰতি বছৰে জুন মাহৰ ৩ তাৰিখে পালন কৰা হয় এই দিৱস। যাতায়াত, যোগাযোগৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশৰ লক্ষ্যৰে পালন কৰা হয় এই চাইকেল দিৱস। পৰিৱেশ অনুকূল চাইকেলখন হৈছে প্ৰকৃতিক আঘাত নিদিয়া যাতায়াতৰ এক অন্যতম আহিলা।

 

চাইকেল চলোৱাটো হৈছে সকলো লোকৰ বাবে স্বাস্থ্যকৰ। বেছিভাগ মানুহৰ ঘৰত থকা আটাইতকৈ কম মূল্যৰ বাহনখনেই হৈছে চাইকেল। এই চাইকেলখনৰ লগত যে আমাৰ কিমান স্মৃতি বিজড়িত হৈ আছে। শৈশৱতে প্ৰথম চাইকেল চলাবলৈ শিকোতে অধিকাংশ লোকেই চাইকেলৰ পৰা লুটি খাই পৰাৰ এক সুকীয়া অভিজ্ঞতা আছে। হাফ পেডেল অথবা ফুল পেডেল মাৰি চাইকেল চলোৱাৰ অভিজ্ঞতাও যথেষ্ট ভাললগা।

 

কেতিয়াৰ পৰা আৰম্ভ হৈছিল বিশ্ব চাইকেল দিৱস?

২০১৮ চনৰ ৩ জুনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল চাইকেল দিৱস। আমেৰিকাত কৰ্মৰত পোলেণ্ডৰ সমাজ বিজ্ঞানী, অধ্যাপক লেচেক ছিবিলস্কিয়ে তেওঁৰ সমাজবিজ্ঞান শ্ৰেণীৰ সৈতে বিশ্ব চাইকেল দিৱসৰ বাবে ৰাষ্ট্ৰসংঘৰ এটা প্ৰস্তাৱ প্ৰচাৰৰ বাবে তৃণমূল পৰ্যায়ৰ অভিযানৰ নেতৃত্ব দিছিল। তেতিয়াৰে পৰা প্ৰতিবছৰে বিশ্বজুৰি পালন কৰা হয় এই দিৱস।

 

 

এই বিশেষ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে চাইকেল চলাই সজাগতাৰ সৃষ্টি কৰে। বিশ্ব চাইকেল দিৱসৰ দিনটোত শুকুৰবাৰে, ভাৰতৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে দিল্লীৰ মেজৰ ধ্যানচাঁদ ষ্টেডিয়ামৰ পৰা মুকলি কৰে এটা চাইকেল ৰেলীৰ অনুষ্ঠান। অসমতো ভিন্ন স্থানত আজিৰ দিনটোত বিভিন্ন স্থানত চাইকেল ৰেলী উলিয়াই সজাগতাৰ সৃষ্টি কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 12 =

Back to top button