অসমবোলছবিশিল্পীসংগীতসংস্কৃতি

চল্লিশগৰাকী দিব্যাংগ ছাত্ৰ-ছাত্ৰীক ‘ৰৈ ৰৈ বিনালে’ উপভোগৰ বিনামূলীয়া ব্যৱস্থা কৰি দিছে ছবিগৃহৰ কৰ্তৃপক্ষই

ছবিগৃহত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সৈতে ৰখা হৈছে এখন বিশেষ খালী আসন

‘ৰৈ ৰৈ বিনালে’ৰ শুভমুক্তিক লৈ বিশেষ আয়োজন মৰাণৰ ‘হাউচফুল টকীজ’ কৰ্তৃপক্ষৰ ৷ পুৱা দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে একেলগে ‘মায়াবিনী’ গালে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, নীল আকাশ, কুসুম কৈলাশ, মাধৱ ৰঞ্জনকে ধৰি শিল্পী সমাজে৷

‘ৰৈ ৰৈ বিনালে’ৰ শুভমুক্তিৰ পূৰ্বে বিশেষ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ।‌ মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী ।‌ দৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে একেলগে ‘মায়াবিনী’ গালে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, নীল আকাশ, কুসুম কৈলাশ, মাধৱ ৰঞ্জনকে ধৰি আন আন শিল্পীসকলে । লগতে মৰাণৰ একমাত্ৰ ছবিগৃহ ‘হাউচফুল টকীজ’ত মৰাণ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ৰ চল্লিশগৰাকী দিব্যাংগ ছাত্ৰ-ছাত্ৰীক ‘ৰৈ ৰৈ বিনালে’ উপভোগৰ বিনামূলীয়া ব্যৱস্থা কৰি দিছে ছবিগৃহৰ কৰ্তৃপক্ষই । ছবিগৃহত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সৈতে ৰখা হৈছে এখন বিশেষ খালী আসন । শুভমুক্তিৰ দিনটোৰ পৰাই বোলছবিখন চলি থকালৈকে ছবিগৃহত জুবিন গাৰ্গৰ বাবে থাকিব এইখন খালী আসন আৰু জ্বলি থাকিব অক্ষয়বন্তি ৷ তদুপৰি ‘ৰৈ ৰৈ বিনালে’ৰ লাভৰ টকাৰে মৰাণ অঞ্চলৰ এগৰাকী দৰিদ্ৰ কৰ্কট ৰোগীৰ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব বুলিও জানিবলৈ দিছে ছবিগৃহটোৰ কৰ্তৃপক্ষই । মুঠৰ ওপৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ মৰাণতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই ব্যতিক্ৰমী ৰূপত আৰম্ভ হ’ল ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী ।‌ অনুষ্ঠানত উপস্থিত থাকি কুসুম কৈলাশে কয়, “জুবিন গাৰ্গে বিচৰা ধৰণেৰে আজিৰ দিনটোত ৰাইজৰ বাবে শুভমুক্তি দিয়া হৈছে ছবিখন । ৰাইজৰ বিপুল সঁহাৰি দেখি খুব ভাল লাগিছে । আশা কৰিছোঁ এইখন ছবিয়ে অসমীয়া ছবি জগতত নতুন দিগন্তৰ সূচনা কৰিব । এই ছবিখনৰ জৰিয়তে অসমৰ ৰাইজে জুবিন দালৈ ভালপোৱা যাচিব বিচাৰিছে । আমি আশা কৰিছোঁ জুবিন গাৰ্গে ন্যায় পাব ।”

‘ৰৈ ৰৈ বিনালে’ৰ শুভমুক্তিৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকি নীল আকাশে কয়, “দুখৰ মাজতো আমি সুখ বিচাৰি পাওঁ । দাদা কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ সৃষ্টিৰাজি সদায় আমাৰ লগত থাকিব । ছবিখনক ৰাইজে যিদৰে আদৰি লৈছে, ৰেকৰ্ডৰ পাছত ৰেকৰ্ড হৈছে এয়া অসমীয়া ছবিৰ বাবে শুভ লক্ষণ । ছবিখনত জড়িত ব্যক্তি হিচাপে গৌৰৱ কৰিছোঁ ।‌” অনুষ্ঠানত উপস্থিত থাকি বিপিন চাউদাঙে কয়, “প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই গোটেই অসমবাসী শোকত ম্ৰিয়মাণ হৈ আছে ।‌ দুখৰ মাজতো আজি আনন্দৰ দিনটো আহিল । জুবিন গাৰ্গৰ শেষৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ বাবে আশাৰে ৰৈ আছিল সকলো । আজি ৰাইজৰ আশা পূৰণ হ’ল ।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button