Socialঅভিনয়অসমআঞ্চলিকবলিউডমনোৰঞ্জন

বহু বিতৰ্কিত শ্বাহৰুখ খানৰ ‘পাঠান’ত অসমৰ সন্তান দিগন্ত হাজৰিকা।

তীব্ৰ বিৰোধ–বিতৰ্ক–বয়কট ট্ৰেণ্ডৰ মাজতে ছবিগৃহলৈ আহিল বলীউদৰ বাদশ্বাহ শ্বাহৰুখৰ ‘পাঠান’।

আজি মুক্তিলাভ কৰিছে শ্বাহৰুখ খানৰ বহু বিতৰ্কিত ছবি ’পাঠান’। তীব্ৰ বিৰোধ–বিতৰ্ক–বয়কট ট্ৰেণ্ডৰ মাজতে ছবিগৃহলৈ আহিল বলীউদৰ বাদশ্বাহ শ্বাহৰুখৰ ‘পাঠান’। বিতৰ্কই একপ্ৰকাৰ মুক্তিৰ পূৰ্বে ছুপাৰহিট কৰি পেলোৱা শ্বাহৰুখৰ ‘পাঠান’ চাবলৈ ছবিগৃহত দেখা গৈছে দৰ্শকৰ ভিৰ। আজি পুৱাৰে পৰা ছবিগৃহসমূহত দেখা গৈছে দৰ্শকৰ লানি।

মুক্তিৰ পূৰ্বেই ‘পাঠান’ ছবিখনে সৃষ্টি কৰিছে অভিলেখ। ‘পাঠান’ৰ কোটি কোটি টকাৰ টিকট মুক্তিৰ পূৰ্বে অনলাইনত বুকিং হৈছে। জানিব পৰা মতে, একাংশ ছবিগৃহত মুক্তিৰ দিনাই অৰ্থাৎ আজি পুৱা ৬ বজাৰ পৰা ‘পাঠান’ৰ দৰ্শনী ৰখা হৈছে। ‘পাঠান’ৰ প্ৰতিটো দৰ্শনীয়ে হাউছফুল।

শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখনত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকায়ো। ছবিখনত শ্বাহৰুখ খানৰ সহযোগী হিচাপে অভিনয় কৰিছে দিগন্তই। উল্লেখ্য যে ২০১৬ চনত মুক্তিলাভ কৰা আশুতোষ গোৱাৰিকাৰৰ ’মহেঞ্জোদাৰো’ ছবিখনৰ জৰিয়তে বলীউডত খোজ পেলাইছিল দিগন্তই। ঋত্বিক ৰোশনৰ লগত অভিনয় কৰাৰ পিছত এইবাৰ বলীউদৰ কিং খানৰ সৈতে দেখা যাব দিগন্তক। বলীউডৰ ছবিত অসমৰ দিগন্তৰ অভিনয় চাবলৈ উৎসুক অসমৰ ছবিপ্ৰেমীসকল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.