অপৰাধ

ওদালগুৰিত আটক ৭ গৰাকী NLFB কেডাৰ

ওদালগুৰিত ৭ গৰাকী NLFB  কেডাৰ গ্ৰেপ্তাৰ। ওদালগুৰি আৰক্ষীয়ে দুদিন ধৰি অভিযান চলাই সদস্যকেইগৰাকীক গ্ৰেপ্তাৰ কৰে।

সদস্য কেইগৰাকী ক্ৰমে ৰবীন্দ্ৰ বসুমতাৰী(১৯), বৰ্ণবাছ বসুমতাৰী(৩৪), পাউল গয়াৰী(৩২), কুন্দন সিং(৪১), প্ৰসেন দৈমাৰী(৩৬), চানিকু দৈমাৰী(২৫) আৰু ৰাজেন্দ্ৰ বসুমতাৰী(৩০)।

প্ৰথমে ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী ভৈৰৱপুৰ, জামুগুৰি আৰু ১ নম্বৰ গৰৈবাৰীত চলিচিল এই অভিযান। দেওবাৰৰ পৰা আৰক্ষীয়ে চলোৱা অভিযানত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ পাছত সোমবাৰে ওদালগুৰি আৰু হৰিশিঙাত অভিযান চলাই আন কেইৱাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আটক হোৱা লোককেইজন নতুনকৈ গঠন হোৱা NLFB  সশস্ত্ৰ সংগঠনৰ কেডাৰ বুলি জনাইছে আৰক্ষীয়ে। লোককেইজনৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে কেইৱাটাও মোৱাইল ফোনসহ বহুকেইখন ছিমকাৰ্ড উদ্ধাৰ কৰিছে।

লোককেইজনে বিভিন্ন স্থানত ধনদাবী কাৰ্যত জৰিত থকাৰো দাবী কৰে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.