Assamleatest updateSocial

বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ মৃত্যুৰ ঘটনাৰ অন্যমূৰ! চিকিৎসাত GMCHত হেমাহিৰ অভিযোগ।

শেষ মুহূৰ্তত প্ৰয়োজনীয় তেজ দিব পৰা নগ’ল দেৱেন দত্তক

বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ দেহাৱসান। নিশা ১২.১০ বজাত GMCHত শেষনিশ্বাস ত্যাগ শিক্ষাবিদগৰাকীৰ। হৃদৰোগত আক্ৰান্ত হৈ বিয়োগ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। ১১ আগষ্টৰ পৰাই চিকিৎসাধীন হৈ আছিল দত্ত। কটন কলেজৰ প্ৰাক্তন অধ্যাপক আছিল দেৱেন দত্ত।

১৯৪৪ চনৰ ৫ এপ্ৰিলত শিৱসাগৰৰ নাজিৰাত জন্মগ্ৰহণ কৰিছিল দেৱেন দত্তই। ১৯৬৫ চনত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ।
কটন কলেজত ইংৰাজী বিভাগৰ প্ৰবক্তাৰূপে চাকৰিত যোগদান কৰিছিল তেখেতে। ২০০১ চনত উপাধ্যক্ষ পদলৈ পদোন্নতি লাভ কৰিছিল তেওঁ। ২০০২ চনত অৱসৰ গ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে।

দেৱেন দত্তৰ সুন্দৰপুৰস্থিত বাসগৃহত শোকাকুল পৰিৱেশ। বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ। নৱগ্ৰহ শ্মশানত হ’ব অন্ত্যেষ্টিক্ৰিয়া।

দেৱেন দত্তৰ মৃত্যু সন্দৰ্ভত পোহৰলৈ GMCHৰ চিকিৎসাৰ হেমাহি। বৰ্তমান তেখেতৰ মৃত্যু সন্দৰ্ভত GMCHৰ তদন্ত ঘোষণা। চাৰিগৰাকী চিকিৎসক, অধ্যাপকক তদন্তৰ দায়িত্ব। উল্লেখ্য যে, GMCHৰ ব্লাড বেংকত তেজ বিচৰাৰ পিছতো পোৱা নাছিল তেজ। কাৰ ভুলৰ বাবে তেজ পোৱা নাছিল সকলো তদন্ত কৰিব GMCH কৰ্তৃপক্ষই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 1 =

Back to top button