প্ৰযুক্তিবিজ্ঞানভাৰত

মহাকাশলৈ উৰা মাৰিবৰ বাবে সাজু দ্বিতীয়গৰাকী ভাৰতীয় মহিলা মহাকাশচাৰী

চলিত মাহৰ শেষৰফালে মহাকাশলৈ উৰা মাৰিব ভাৰতীয় মহিলা মহাকাশচাৰীগৰাকী

কল্পনা চাওলা আছিল ১৯৯৭ চনত মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা। তাৰ পাছতে এতিয়া চিৰিচা বান্দলা হ’ব মহাকাশলৈ যোৱা দ্বিতীয় ভাৰতীয় মহিলা মহাকাশচাৰী। চলিত মাহৰ শেষৰফালে চিৰিচা বান্দলাই মহাকাশলৈ উৰা মাৰিব বুলি জানিব পৰা গৈছে।


ভাৰ্জিন গেলেক্টিকৰ ‘ভিএছএছ ইউনিটি’ত থকা ছয়জন মহাকাশ ভ্ৰমণকাৰীৰ ভিতৰত বান্দলা এগৰাকী হ’ব।
বান্দলাই 11 জুলাইত নিউ মেক্সিকোৰ পৰা মহাকাশলৈ উৰা মাৰিব। বান্দলাৰ ভূমিকা হ’ব গৱেষকৰ অভিজ্ঞতা।
চিৰিচা বান্দলাৰ জন্ম অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰত হৈছিল আৰু টেক্সাছৰ হিউষ্টনত ডাঙৰ দীঘল হৈছিল। তেওঁ পাৰ্ডু বিশ্ববিদ্যালয়ৰ পৰা বৈমানিক অভিযান্ত্ৰিক বিদ্যাত স্নাতক আৰু জৰ্জটাউন বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
উল্লেখ্য যে, ভাৰ্জিন গেলেক্টিকত কাম কৰাৰ আগতে, তেওঁ টেক্সাছত এৰোস্পেচ অভিযন্তা হিচাপে কাম কৰিছিল, যাৰ পিছত তেওঁ কমাৰ্চিয়েল স্পেচফ্লাইট ফেডাৰেচন (চিএছএফ)ত মহাকাশ নীতিত চাকৰি আৰম্ভ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.