Assamleatest updatenationalঅসমপৰ্যটনবিশ্বৰাজনৈতিক

কাজিৰঙাত ভূটানৰ ৰজা জিগমে ৱাংচুক….

কাজিৰঙাত ভূটানৰ ৰজা জিগমে ৱাংচুক....

কাজিৰঙাত ভূটানৰ ৰজা জিগমে ৱাংচুক। যোৰহাটৰ পৰা পোনে পোনে কাজিৰঙাত উপস্থিত হোৱাৰ পিছতেই উষ্ম আদৰণি ৱাংচুকক। কঠোৰ নিৰাপত্তা বেহুৰ মাজেৰে কাজিৰঙা পৰিদৰ্শন কৰিব ভূটানৰ নৃপতিগৰাকীয়ে। কাজিৰঙাৰ ব্যক্তিগত ৰিজ’ট আয়’ৰাত কিছু সময় জিৰণি লোৱাৰ পিছতেই জীপ ছাফাৰীৰে কঁহৰা বনাঞ্চল পৰিদৰ্শন কৰাৰ সম্ভাৱনা।

তাৰ পৰা উভতি আহি হাতীৰ গা ধোৱা দৃশ্য কঁহৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিৰমুখত উপভোগ কৰিব। সন্ধিয়া বন বিভাগে আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ দ্বাৰা আয়োজিত নৈশ ভোজত অংশ ল’ব ৰজাৰ লগতে ৰাজপৰিয়ালৰ সদস্যসকলে।

ভূটান ৰজাৰ আগমনৰ বাবে আজিৰে পৰা ৫ নবেম্বৰৰ পুৱালৈ পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ চাফাৰী। দুয়োটা দিনতে বন্ধ থাকিব হাতী চাফাৰীও। ইফালে অসমবাসী তথা ৰাজ্য চৰকাৰৰ ৰাজ আতিথ্য তথা আপ্যায়ন দেখি আপ্লুত হৈ পৰিছে ভূটানৰ ৰজাগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.