কর্ণাটকভাৰত

‘প্ৰি-ৰেজিষ্টাৰ’ মুকলি হ’ল ‘বেটেলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়া’ৰ

PUBG খেলি দিন ৰাতি একাকাৰ কৰি দিয়া ভাৰতৰ PUBG খেলুৱৈ সকলৰ অপেক্ষাৰ আজি অন্ত পৰিল। PUBGৰ বিকল্প মোবাইল গেম ‘বেটেলগ্ৰাউণ্ডছ ম’বাইল ইণ্ডিয়া’ (Battlegrounds Mobile India)ৰ ভাৰতীয় সংস্কৰণ আজিৰে পৰা ব্যৱহাৰকাৰীসকলে পূৰ্ব-পঞ্জীয়ন কৰিবলৈ সক্ষম হ’ব।

গেমটোৰ পূৰ্ব-পঞ্জীয়ন গুগল প্লে ষ্টোৰৰ এপৰ জৰিয়তে মুকলি কৰা হ’ব। কেৱল এণ্ড্ৰইড ব্যৱহাৰকাৰীয়েহে বৰ্তমান গেমটো পঞ্জীয়ন কৰিবলৈ সক্ষম হ’ব।

কোম্পানীয়ে জনাইছে যে গেমটোৰ প্ৰাক-পঞ্জীয়ন কৰা অনুৰাগীসকলে বিশেষ  পুৰষ্কাৰৰ বাবে দাবী কৰিবলৈ সক্ষম হ’ব। এই পুৰস্কাৰসমুহ কেৱল ভাৰতীয় খেলুৱৈসকলৰ বাবেহে মুকলি কৰা হৈছে। ব্যৱহাৰকাৰীসকলে গুগল প্লে ষ্টোৰত গৈ ‘প্ৰি ৰেজিষ্টাৰ’ ত ক্লিক কৰিলেই গেমটো আৰম্ভ হ’ব আৰু দাবী কৰা পুৰষ্কাৰবোৰ ফোনত উপলব্ধ হ’ব।

PUBG ৰ দৰে,  এই গেমটোও সকলো ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়া হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.