অপৰাধজন্তুবন্যপ্ৰাণীৰাজস্থান

অমানৱীয়! কুকুৰক শিকলিৰে মুখ বান্ধি গাড়ীত টানি টানি চহৰখন ঘূৰি ফুৰিলে এজন চিকিৎসকে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’

ঘটনা সংঘটিত হোৱাৰ পিছতে চিকিৎসকজনৰ বিৰুদ্ধে ৰুজু হৈছে পশু নিৰ্যাতনৰ গোচৰ

ৰাজস্থানত সংঘটিত হয় এক অমানৱীয় ঘটনা। এটা কুকুৰক শিকলিৰে মুখ বান্ধি গাড়ীত টানি টানি চহৰখন ঘূৰি ফুৰিলে এজন চিকিৎসকে। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

 

 

উল্লেখ্য যে, দেওবাৰে ৰাজস্থানৰ যোধপুৰৰ এজন চিকিৎসকে এটা কুকুৰক মুখত শিকলিৰে বান্ধি গাড়ীত টানি টানি লৈ যোৱাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে এই ভিডিঅ’। এই ঘটনা সংঘটিত হোৱাৰ পিছতে চিকিৎসকজনৰ বিৰুদ্ধে ৰুজু হৈছে পশু নিৰ্যাতনৰ গোচৰ।

 

 

ভিডিঅ’টোত দেখা গৈছে যে পেছাত চিকিৎসক ব্যক্তিজনে গাড়ীখন চলাই থকাৰ সময়তে কেনেকৈ কুকুৰটোক শিকলিৰে মুখ বান্ধি নিৰ্দয়ভাৱে টানি নিয়া হৈছে গাড়ীখনেৰে। লগতে কুকুৰটোৱে গাড়ীখনৰ লগত গতি মিলাবলৈ চেষ্টা কৰিছে। বাইকত উঠি যোৱা এজন পথচাৰীয়ে পশুৰ ওপৰত হোৱা নিৰ্যাতন প্ৰত্যক্ষ কৰি লগে লগে চালকজনক গাড়ীখন ৰখাই দিয়ে। তেওঁলোকে কুকুৰটোৰ শিকলি খুলি চহৰৰ ডগ হোম ফাউণ্ডেশ্যনক ঘটনাটোৰ বিষয়ে অৱগত কৰে। গুৰুতৰভাৱে আহত কুকুৰটোৰ বাবে এম্বুলেন্সৰ ব্যৱস্থাও কৰে স্থানীয় ৰাইজে।

 

 

ডাঃ ৰজনীশ গলৱা নামৰ এই হৃদয়হীন চিকিৎসকজনে লগে লগে আৰক্ষীক ফোন কৰে। তেওঁ দাবী কৰে যে ৰাস্তাৰ এই কুকুৰটো তেওঁৰ ঘৰৰ ওচৰতে থাকে আৰু তেওঁ তাৰ পৰা তাক আঁতৰাবলৈ চেষ্টা কৰিছিল। ইফালে ডগ হোম ফাউণ্ডেচনে যোধপুৰৰ চিকিৎসক গৰাকীৰ বিৰুদ্ধে পশু নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছে। SHO যোগেন্দ্ৰ সিঙে জনোৱা মতে, চিকিৎসক গৰাকীৰ বিৰুদ্ধে পশু নিষ্ঠুৰতা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.