অৰ্থনৈতিকভাৰত

দাম বাঢ়িল পেট্ৰ’ল–ডিজেলৰ, ১০০০ টকা হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে একেলগে বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। একেবাৰে ৫০ টকা বৃদ্ধি পালে ৰাজসাহাজ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে একেলগে বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। একেবাৰে ৫০ টকা বৃদ্ধি পালে ৰাজসাহাজ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

সূত্ৰ অনুসৰি, কলকাতাত এক লিটাৰ পেট্ৰ’লৰ দাম ৮৩ পইচা বৃদ্ধি হৈ ১০৫.৫১ টকা হৈছে। ডিজেলৰ দামো প্ৰতিলিটাৰত ৮৩ পইচা বাঢ়ি কলকাতাত দাম হ’লগৈ ৯০.৬২ টকা।

দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত ৯৫.৪১ টকাৰ পৰা বৃদ্ধি হৈ ৯৬.২১ টকা হৈছে। ডিজেল প্ৰতিলিটাৰত ৮৬.৬৭ টকাৰ পৰা বৃদ্ধি হৈ ৮৭.৪৭ টকা হৈছে।

আনহাতে, ৰাজসাহাজ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকা বাঢ়ি ১০০০টকা। কেৱল মাত্ৰ বাণিজ্যিক ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় চিলিণ্ডাৰৰ দাম ৮ টকা কমি ২০৮৭ টকা হৈছে।

প্ৰায় তিনি মাহ ধৰি পেট্ৰ’ল–ডিজেলৰ দাম অপৰিৱৰ্তিত আছিল। কোৱা হৈছিল যে, পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবেই তেলৰ দাম বৃদ্ধি কৰা হোৱা নাই।

আনকি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পিছতে আন্তৰ্জাতিক বজাৰত অপৰিশোধিত তেলৰ মূলবৃদ্ধি সত্ত্বেও ভাৰতত ইন্ধনৰ মূল্য বৃদ্ধি কৰা হোৱা নাছিল। কিন্তু দাম যে বাঢ়িব সেই আশংকা কৰা হৈছিল। আৰু অৱশেষত আশংকা সত্য হ’ল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.