চাকৰি

ভাৰতীয় সেনাত চাকৰি কৰিব বিচাৰিছে নেকি? ওলাইছে নতুন চাকৰি। ১,৭৭,৫০০ টকালৈকে পাব দৰমহা

ভাৰতীয় সেনাৰ Territorial Armyৰ অ-বিভাগীয় বিষয়াৰ (Territorial Army's non-departmental officer) চাকৰিৰ বাবে অলনাইন এপ্লিকেশ্যনযোগে আপোনালোকে কৰিব পাৰিব আৱেদন

ভাৰতীয় সেনাত ওলাইছে নতুন চাকৰি। ভাৰতীয় সেনাৰ Territorial Armyৰ অ-বিভাগীয় বিষয়াৰ (Territorial Army’s non-departmental officer) চাকৰিৰ বাবে অলনাইন এপ্লিকেশ্যনযোগে আপোনালোকে কৰিব পাৰিব আৱেদন।

২০ জুলাইৰ পৰা আৰম্ভ হোৱা এই আৱেদন প্ৰক্ৰিয়া ১৯ আগষ্টলৈকে খোলা থাকিব। যিসকল আৱেদনকাৰীয়ে যোগ্যতা অৰ্জন কৰিব, সেইসকলক লেফটেনেন্টৰ পদবীত নিযুক্তি দিয়া হ’ব। নিয়মীয়া আৰ্মী অফিচাৰৰ দৰেই অ-বিভাগীয় অফিচাৰসকলক দিয়া হ’ব দৰমহাৰ লগতে অন্যান্য সুবিধা।

লিখিত পৰীক্ষাৰ ব্যৱস্থাৰে আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া। ২৬ ছেপ্টেম্বৰত অফলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব এই পৰীক্ষা। নিযুক্তি পোৱা প্ৰাৰ্থীসকলক ৫৬,১০০ টকাৰ পৰা ১,৭৭,৫০০ টকালৈকে পাব দৰমহা।

অ-বিভাগীয় আৰ্মী বিষয়া(Territorial Army Officer)ৰ নিযুক্তিৰ যোগ্যতাৰ চৰ্তসমূহ:

শৈক্ষিক অৰ্হতা: আৱেদনকাৰীসকল যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

বয়সৰ সীমা: আৱেদনৰ অন্তিম তাৰিখ ১৯ আগষ্ট, ২০২১ লৈকে আৱেদনকাৰীৰ বয়সৰ সীমা ১৮-৪২ বছৰ হ’ব লাগিব।
আৱেদনকাৰীসকলে ভাৰতীয় সেনাৰ Territorial Armyৰ ৱেবছাইটত গৈ চাকৰিৰ বাবে আৱেদন কৰিব পাৰিব।

নিৰ্বাচন প্ৰক্ৰিয়া:
Territorial Armyৰ অ-বিভাগীয় বিষয়াৰ বাচনি প্ৰক্ৰিয়াত থাকিব লিখিত পৰীক্ষাৰ লগতে ইন্টাৰভিউ আৰু শাৰীৰিক পৰীক্ষা। ২০০ নম্বৰৰ এই পৰীক্ষাত প্ৰাৰ্থীসকলে নিম্নতমভাৱে দুয়োখন পেপাৰতে ৪০% অৰ্জন কৰিলে পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.