অসমশিল্পীসংগীতসংস্কৃতি

কৰিশ্মা নাথে হয়তো বুজিয়েই পোৱা নাই আমি কাক হেৰুৱাইছোঁ

জুবিন দাৰ নামত ধেমালি নহয়

ভুলৰ পৰা শিক্ষা নলয় কৰিশ্মা নাথে।
কৰিশ্মা নাথে ধৃষ্টতাৰ চৰম সীমা অতিক্ৰম কৰিছে। কৰিশ্মাই নামৰ সুৰত বেসুৰাকৈ গাইছে জুবিন গাৰ্গৰ “যদি জীৱনৰ ৰংবোৰে লুকাভাকু খেলে” শীৰ্ষক গীতটি।
আচলতে কৰিশ্মাই নিজকে ভাবে কি বুলি? প্ৰথমে কলাগুৰুৰ “পৰজনমৰ শুভ লগণত” আৰু এইবাৰ জুবিন দাৰ মন চুই যোৱা গীতটো বিকৃত ৰূপত পৰিবেশন। কৰিশ্মা নাথে হয়তো বুজিয়েই পোৱা নাই আমি কাক হেৰুৱাইছোঁ। জাতিৰ সম্পদক ধেমালি নকৰিবা কৰিশ্মা। ৰাইজে বাৰে বাৰে তোমাক ক্ষমা নকৰে। এতিয়াতো সন্দেহ হৈছে কৰিশ্মাৰ মানসিক সন্তোলন ঠিকে আছে নে নাই? ইমান সাহস? ইমান স্পৰ্ধা? আমাক এইমুহূৰ্তত জুবিন দাৰ ন্যায় লাগে কিন্ত সেইবুলি চকু কান মুদি থকা নাই যে কৰিশ্মাই যি মন যায় কৰিব আৰু আমি মনে মনে থাকিম।
“কৰিশ্মা বন্ধ কৰা এইবোৰ”
“জুবিন দাৰ নামত ধেমালি নহয়”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.