চীনবিশ্ব

চীনৰ দম্পতীয়ে এতিয়াৰে পৰা জন্ম দিব পাৰিব তিনিটাকৈ সন্তান

চীনৰ দম্পতীয়ে এতিয়াৰে পৰা জন্ম দিব পাৰিব তিনিটাকৈ সন্তান।

বিশ্বৰ ভিতৰতে বৃহত্তম জনসংখ্যাৰ দেশ চীনত এতিয়া আৰম্ভ হৈছে নতুন পৰিয়াল পৰিকল্পনা নীতি। চীনত সন্তানৰ জন্মৰ হাৰ হ্ৰাস পোৱাৰ সমান্তৰালত বৃদ্ধি পাইছে বৃদ্ধ লোকৰ সংখ্যা। সেয়েহে চীনা দম্পতীসকলে এতিয়াৰে পৰা এটা সন্তানৰ বিপৰীতে জন্ম দিব পাৰিব তিনিটালৈকে সন্তান।

ইয়াৰ পূৰ্বে চীনে কঠোৰ পৰিয়াল পৰিকল্পনা নীতি লৈছিল,  সেই অনুযায়ী যোৱা ৪০ বছৰ ধৰি এটা দম্পতীয়ে জন্ম দিব পাৰিছিল মাত্ৰ এটা সন্তান। ২০১৬ চনত এই নীতিৰ সলনি কৰি দুটা সন্তান জন্ম দিয়াৰ নীতি প্ৰযোজ্য হৈছিল। কিন্তু সন্তান জন্মৰ হাৰ উদ্বেগজনকভাৱে হ্ৰাস পোৱাত উক্ত সিদ্ধান্ত এতিয়া উঠাই দিয়া হৈছে। তিনিটা সন্তানৰ সিদ্ধান্ত লৈছে এতিয়া চীনৰ কমিউনিষ্ট পাৰ্টীয়ে।

উল্লেখ্য যে,  ১৯৬০ চনৰ পিছত দেশখনত সন্তান জন্মৰ হাৰ বহুখিনি কমা পৰিলক্ষিত হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.