দৈনিক বাতৰি

চৰকাৰী বাছত ৩০ টকা ভাৰাৰে ভ্ৰমণ কৰি চৰ্চাত এটা ডাকুৱা কুকুৰা…

মহম্মদ আলী নামৰ এজন ব্যক্তিয়ে এটা ডাকুৱা কুকুৰাক এখন কাপোৰৰ তলত লুকুৱাই বাছেৰে যাত্ৰা কৰোতে বাছখনৰ কণ্ডাক্টৰ জী তিৰুপথিয়ে হঠাৎ প্ৰত্যক্ষ কৰে মহম্মদ আলীক। আলীয়ে কাপোৰৰ তলত কিবা এটা লুকুৱাবলৈ চেষ্টা কৰা প্ৰত্যক্ষ কৰি মহম্মদ আলীৰ ওচৰলৈ যায় কণ্ডাক্টৰজন আৰু তেওঁ কি লুকুৱাই ৰাখিছে বুলি প্ৰশ্ন সোধাত ওলায় উৰহী গছৰ ওৰ।

এতিয়ালৈকে আপুনি বাছ কণ্ডাক্টৰে মানুহৰ পৰা টিকট কটা, ভাৰা লোৱা দেখিছে অথবা শুনিছে। কিন্তু কেতিয়াবা হ’লেও আপুনি বাছত যাত্ৰা কৰা জীৱ-জন্তুৰ টিকট কটা দেখিছেনে? আপুনি শুনি আচৰিত হ’লেও এনে এক আচৰিত ঘটনা সংঘটিত হৈছে তেলেংগানাত। তেলেংগানাৰ কৰিমনগৰ জিলাত সংঘটিত হোৱা এক ঘটনাই আচৰিত কৰি তুলিছে সকলোকে।

এজন বাছ কণ্ডাক্টৰে এটা ডাকুৱা কুকুৰাৰ পৰা বাছৰ টিকট কটাত চৌদিশে হৈ পৰিছে চৰ্চা। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’। উল্লেখ্য যে, তেলেংগানা ৰাজ্যিক পথ পৰিবহন নিগমৰ এখন বাছত কুকুৰাৰ টিকট কটা কণ্ডাক্টৰজন হৈছে জী তিৰুপথি। মহম্মদ আলী নামৰ এজন ব্যক্তিয়ে এটা ডাকুৱা কুকুৰাক এখন কাপোৰৰ তলত লুকুৱাই বাছেৰে যাত্ৰা কৰোতে বাছখনৰ কণ্ডাক্টৰ জী তিৰুপথিয়ে হঠাৎ প্ৰত্যক্ষ কৰে মহম্মদ আলীক। আলীয়ে কাপোৰৰ তলত কিবা এটা লুকুৱাবলৈ চেষ্টা কৰা প্ৰত্যক্ষ কৰি মহম্মদ আলীৰ ওচৰলৈ যায় কণ্ডাক্টৰজন আৰু তেওঁ কি লুকুৱাই ৰাখিছে বুলি প্ৰশ্ন সোধাত ওলায় উৰহী গছৰ ওৰ।

 

কাপোৰৰ তলত লুকুৱাই ৰখা কুকুৰাটো দেখি কণ্ডাক্টৰ জী তিৰুপথিয়ে যাত্ৰীজনৰ পৰা কুকুৰাটোৰো ভাৰা বিচাৰে। কিয়নো যাত্ৰীবাহী বাছত জীৱ-জন্তু কঢ়িয়াই নিয়াটো তেলেংগানাত আইন বিৰোধী। যদি কোনো যাত্ৰীয়ে জীৱ-জন্তু লৈ যায়, তেন্তে তাৰো ভাৰা দিব লাগিব বুলি জনায় জী তিৰুপথিয়ে। প্ৰথমাৱস্থাত মহম্মদ আলীয়ে ভাড়া দিবলৈ অমান্তি হৈছিল যদিও অৱশেষত ৩০ টকা দিবলৈ বাধ্য হয়।

 

অৱশ্যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে সংঘটিত হৈছিল এই ঘটনা। এই ঘটনাই ক্ষণিকতে তোলপাৰ লগালে ছ’চিয়েল মিডিয়াত। বহুতেই এই ঘটনাত আমোদ পালে যদিও বহুতেই আকৌ ঘটনাটো আইন বিৰোধী বুলি দাবী কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.