অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ওদালগুৰি ভেৰগাঁৱত BPFৰ যোগদান কাৰ্যসূচী, BJP-UPPLৰ প্ৰায় ১৩ শ সদস্যৰ যোগদান BPFত

ওদালগুৰি ভেৰগাঁৱত BPFৰ যোগদান কাৰ্যসূচী

BJP-UPPLৰ প্ৰায় ১৩ শ সদস্যৰ যোগদান BPFত

‘BJP-UPPLৰ প্ৰতি মোহভংগ ঘটিছে ৰাইজৰ’

BJP-UPPLক কঠোৰ সমালোচনা হাগ্ৰামা মহিলাৰীৰ

BTCৰ দুয়োটা লোকসভাতে প্ৰতিদ্বন্দ্বিতা কৰিব BPFএ

‘কোনো দলৰে মিত্ৰতা নকৰে BPF দলে’

ওদালগুৰি জিলাৰ পুৰণি ভেৰগাঁৱত অনুষ্ঠিত হয়  BPFৰ যোগদান কাৰ্যসূচী। ভেৰগাঁৱ ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত কৰা যোগদান কাৰ্যসূচীত বিজেপি-ইউপিপিএলৰ প্ৰায় ১৩ শ নেতা-কৰ্মীয়ে সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ ফুলাম গামোছাৰে সদস্যসকলক আদৰণি জনাই প্ৰাক্তন বিটিচি প্ৰধানজনে। BFP প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শাসকীয় ইউপিপিএল-বিজেপি মিত্ৰজোঁটৰ পৰিষদীয় চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে। BTCত  প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ স্বাৰ্থত কাম কৰাত ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে আৰু সেই বাবেই UPPL–বিজেপিৰ প্ৰতি সকলোৰে মোহভংগ ঘটিছে বুলি হাগ্ৰামা মহিলাৰীয়ে সমালোচনা কৰে। আগন্তুক লোকসভা নিৰ্বাচনত BTCৰ দুয়োটা লোকসভা সমষ্টিতে BPFএ একাক ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে। BPF দলে আগন্তুক নিৰ্বাচনত কোনো দলৰে মিত্ৰতা নকৰে বুলিও স্পষ্ট কৰে মহিলাৰীয়ে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − four =

Back to top button