অসমধৰ্মীয়ধাৰ্মিকশিল্পীসংগীত

জুবিন সমাধিক্ষেত্ৰত লোকে লোকাৰণ্য এক পৰিৱেশ

ধুবুৰীৰ পৰা শদিয়াৰ লৈকে সকলো মানুহ আহিছে জুবিন সমাধিক্ষেত্ৰলৈ

জুবিন গাৰ্গ বিহীন এটা মাহ। অসমৰ প্ৰাণৰ শিল্পী গৰাকী নোহোৱা হোৱা এই ৩০দিন অনুৰাগী সকলে কেনেকৈ পাৰ কৰিছে, তাক বহলাই কোৱাৰ প্ৰয়োজন নাই। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি আয়োজন কৰা হৈছে প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ এমহীয়া মাংগলিক অনুষ্ঠান।

সোণাপুৰৰ জুবিন সমাধি ক্ষেত্ৰত পুৱতি নিশাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ আহি উপস্থিত হৈছে। ধুবুৰীৰ পৰা শদিয়াৰ লৈকে সকলো মানুহ আহিছে আজি জুবিন সমাধিক্ষেত্ৰলৈ। কোনোবাই বাছ ভাড়া কৰি আহিছে, কোনো আজি ঘৰৰ গাড়ীখন লৈ। মুঠৰ ওপৰত পুৱতি নিশা ৪বজাৰে পৰা জুবিন সমাধিক্ষেত্ৰত লোকে লোকাৰণ্য এক পৰিৱেশ।

আজিৰ দিনটোত পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে গীতা পাঠ। এই গীতা পাঠ বিগত দিনকেইটাত সদায়েই অব্যাহত আছে জুবিন সমাধি ক্ষেত্ৰত। ১১বজাত নাম-কীৰ্তনৰ লগতে দুপৰীয়া ১২বজাত অনুষ্ঠিত হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনা।

মাহ-প্ৰসাদ বিতৰণকে ধৰি লঘু আহাৰ গ্ৰহণ কৰিব পাৰিব ৰাইজে। বিয়লি ৩বজাত এশ আয়তী দল একত্ৰিত ভাবে দিহানাম পৰিৱেশন কৰিব। সন্ধিয়া ৫বজাত অনুষ্ঠিত হব এশ বাঁহীবাদৰ সুৰৰ মূৰ্চ্ছনা। নিশা ৭বজাত বিশিষ্ট বাদ্যযন্ত্ৰী শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব।

এই সমগ্ৰ অনুষ্ঠানটো প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ’ব। নিশা ১০বজাত পৰিৱেশন হ’ব অংকীয়া ভাওনা। এই সমগ্ৰ দিনটোৰ কাৰ্যসূচীত ৰাইজৰ দিহা-পৰামৰ্শ কামনা কৰিছে ডিমৰীয়াবাসী ৰাইজে। লগতে জুবিন অনুৰাগীৰ নাম লৈ কোনোৱে যাতে ৰাগিয়াল দ্ৰব্য সেৱন কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে, সেই আহ্বানো জনায় ডিমৰীয়াবাসী ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − four =

Back to top button