Socialঅসমআঞ্চলিক

বৰপেটাত চলিছে লকডাউনৰ আতংক! লকডাউনৰ আঁৰত অদ্ভুত ৰহস্য

লকডাউন আহিলেই আৰম্ভ হয় দৌৰা-দৌৰি, লৰা-ঢপৰা। ব্যৱসায়ীসকলেও বন্ধ কৰিবলগীয়া হয় দোকান-পোহাৰ

বৰপেটাত চলিছে লকডাউনৰ আতংক! কিন্তু ক’ভিডৰ বাবে নহয় এই লকডাউন, তেন্তে কিহৰ বাবে?

লকডাউনৰ বাবে ব্যৱসায়ী সকলে বন্ধ কৰিব লগা হয় দোকান পোহাৰ, আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ লকডাউনৰ আতংক! বন্ধ ৰাখিব লগীয়া হয় দোকান পোহাৰ। নামনি অসমৰ বাণিজ্য প্ৰধান চহৰত লকডাউন। লকডাউন আহিলেই আৰম্ভ হয় দৌৰা-দৌৰি, লৰা-ঢপৰা। ব্যৱসায়ীসকলেও বন্ধ কৰিবলগীয়া হয় দোকান-পোহাৰ। ৰাজপথত থকা যান-বাহনৰ লগতে এফালৰ পৰা আক্ৰমণ কৰে লকডাউন দিব লগীয়া হোৱা কাৰণটোৱে। ৰাজ পথত থকা ই-ৰিক্সা পৰ্যন্ত বগৰাই পেলায় এই লকডাউনে।

ৰ’ব এই লকডাউন আচলতে ক’ভিড বা অন্য কিবা বেমাৰৰ বাবে নহয় এই লকডাউন এটা প্ৰকাণ্ড ষাঁড়ৰ বাবেহে৷ ষাঁড়টোৰ বাবে সঘনাই লকডাউন হয় বৰপেটাৰোডৰ বজাৰত। ষাঁড়টো দেখিলেই দোকান-পোহাৰ বন্ধ কৰি দিয়ে ব্যৱসায়ীসকলে। এই প্ৰকাণ্ড ষাঁড় গৰুটোৱে জলা কলা খুৱাইছে ব্যৱসায়ী তথা জনসাধাৰণক। দোকানৰ ভিতৰত প্ৰৱেশ কৰি সা-সামগ্ৰী অনিষ্ট কৰাৰ লগতে দোকানৰ শাক-পাচলি খাই তহিলং কৰে প্ৰকাণ্ড ষাঁড় গৰুটোৱে। ষাঁড় গৰুটো প্ৰৱেশ কৰা লগে লগে বন্ধ কৰি দিব লগা হয় দোকান-পোহাৰ।

 

তাৰ বাবে এই প্ৰকাণ্ড ষাঁড় গৰুটোৰ নাম ৰাখিছে লকদাউন। প্ৰকাণ্ড ষাঁড় গৰুটোৱে আক্ৰমণৰ বাবে চোঁচা লয় মানুহৰ ফালেও। ষাঁড় গৰুটোৰ বাবে এতিয়া ত্ৰাহি মধুসূধন দেখিব লগীয়া হৈছে ৰাইজ তথা ব্যৱসায়ী সকলে। ব্যৱসায়ীসকলে এতিয়া ষাঁড় গৰু তথা লকডাউনৰ পৰা মুক্তি বিচাৰি প্ৰশাসন তথা বৰপেটাৰোড পৌৰ সভালৈ অনুৰোধ জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − four =

Back to top button