অসমদৈনিক বাতৰি

কাছাৰৰ বড়াইল ইকো কেম্পক কৰ্মশ্ৰী বঁটা ৰাজ্য চৰকাৰৰ…

কাছাৰৰ বড়াইল ইকো কেম্পক কৰ্মশ্ৰী বঁটা ৰাজ্য চৰকাৰৰ...

কাছাৰৰ বড়াইল ইকো কেম্পক কৰ্মশ্ৰী বঁটা ৰাজ্য চৰকাৰৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বনবিষয়াসকলক দিয়ে এই বঁটা ৷ কাছাৰৰ বন সংমণ্ডলৰ অধীনত থকা উদাৰবন্দ ৰেঞ্জৰ মধুৰা বিটৰ অধীনস্থ ইন্দ্ৰনগৰত বড়ালই ইকো কেম্প নামেৰে পাৰ্কৰ শুভাৰম্ভনি কৰা হৈছিল ৷

কাছাৰৰ DFO আছিলে তেজশ মাৰিয়াস্বামীৰ ৷ তেওঁৰ তৎপৰতাত বনবিভাগৰ উদ্যোগত বৰাকৰ পৰ্যটন ক্ষেত্ৰত যথেষ্ট সহাৰি পাইছিল ৷ কাছাৰ বন বিভাগৰ এই উদ্যোগত সন্তুষ্ট হৈ এইবাৰ কৰ্মশ্ৰী বঁটা প্ৰদান কৰে ৰাজ্য চৰকাৰে ৷ শনিবাৰ বিশেষ অনুষ্ঠানত DFO তেজশ মাৰিয়াস্বামী ,উদাৰবন্দৰ ৰেঞ্জাৰ উত্তামানন্দ গোস্বামী আৰু বিট অফিচাৰ শচীন ৰাজকুমাৰৰ হাতত এই বঁটা তুলি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

ইফালে বাঁট লাভ কৰি উৎফুল্লিত হৈ পৰে কাছাৰৰ বনবিভাগ ৷ দেওবাৰে ইন্দ্ৰনগৰ ফৰেষ্ট বিট কাৰ্যালয়ত বিশেষ অনুষ্ঠানেৰে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰদান কৰিছে বনকৰ্মী বিষয়াই ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button