Socialপৰ্যটনভাৰতমহাৰাষ্ট্ৰ

এখন বিশেষ ঠাই, য’ত ওলোটাকৈ বৈ যায় জলপ্ৰপাত

এই দৃশ্য দেখি স্তম্ভিত হ'ব আপুনিও। ঠাই ডোখৰত জলপ্ৰপাতৰ পানী তললৈ পৰাৰ পৰিৱৰ্তে ওপৰলৈ উঠি যোৱা পৰিলক্ষিত হয়

প্ৰাকৃতিক পৰিৱেশৰ এক অপৰূপ সৌন্দয্য পাহাৰৰ পৰা বৈ অহা জলপ্ৰপাত৷ জলপ্ৰপাত সদায়েই তললৈ বৈ যায়৷ কিন্তু আপুনি শুনিছেনে কেতিয়াবা যে জলপ্ৰপাত ওপৰলৈ ওলোটাকৈ বৈ যায়৷

ভাৰতৰ এখন বিশেষ ঠাই, য’ত জলপ্ৰপাত ওলোটাকৈ বৈ যায়, হয় আপুনি ঠিকেই শুনিছে। প্ৰথমে এই দৃশ্য দেখি স্তম্ভিত হ’ব আপুনিও। ঠাই ডোখৰত জলপ্ৰপাতৰ পানী তললৈ পৰাৰ পৰিৱৰ্তে ওপৰলৈ উঠি যোৱা পৰিলক্ষিত হয়। বিশেষকৈ বাৰিষা বতৰত এই জলপ্ৰপাতৰ দৃশ্য অতিকৈ মনোমহা হয়। এই জলপ্ৰপাত মহাৰাষ্ট্ৰৰ নানেঘাটত অৱস্থিত।

এই ঠাইত পাহাৰৰ পৰা পৰি থকা পানী তললৈ পৰি যোৱাৰ সলনি ওপৰলৈ যোৱা দেখা যায়। বৰ্তমান এই ঠাইৰ জলপ্ৰপাতৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ ভিডিঅ’টো ভাৰতীয় বন বিষয়া (আই এফ এছ) সুশান্ত নন্দাই টুইটাৰত শ্বেয়াৰ কৰি লিখিছে- “যেতিয়া বতাহৰ গতিবেগ মাধ্যাকৰ্ষণ বলৰ সমান আৰু বিপৰীত হয়, তেতিয়া নানেঘাটত বাৰিষাৰ সৌন্দৰ্য্য।

দেওবাৰে অফিচিয়েলে শ্বেয়াৰ কৰাৰ পিছৰে পৰা এই ভিডিঅ’টোৱে টুইটাৰত মিলিয়নৰো অধিক ভিউজ লাভ কৰাৰ লগতে ২০ হাজাৰৰো অধিক লাইক লাভ কৰিছে। ভিডিঅ’টো দেখি পৃথিৱীত স্বৰ্গ বুলিও মন্তব্য কৰিছে একাংশ লোকে৷ আপোনালোকক কওঁ যে নানেঘাট হৈছে কংকন উপকূল আৰু ডেক্কান মালভূমিৰ জুন্নাৰ নগৰৰ মাজৰ পশ্চিম ঘাট ৰেঞ্জৰ এটা পৰ্বত পাৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.