nationalPMo indiaদৈনিক বাতৰিধৰ্মীয়ভাৰত

২২ জানুৱাৰীলৈ মাজত মাথোঁ এটা দিন, অযোধ্যাৰ লগতে সমগ্ৰ দেশত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উছাহ

২২ জানুৱাৰীলৈ মাজত মাথোঁ এটা দিন

২২ জানুৱাৰীলৈ মাজত মাথোঁ এটা দিন। অযোধ্যাৰ লগতে সমগ্ৰ দেশত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ উছাহ। বহু প্ৰতিক্ষীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে শুকুৰবাৰে কোটি কোটি ৰাম ভক্তৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা বালক ৰামৰ মূৰ্তিৰ মুখমণ্ডল। ধৰ্মীয় ৰীতি-নীতিৰে অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত ৫১ ইঞ্চিৰ বালক ৰামৰ মূৰ্তি স্থাপন কৰাৰ পিছত মন্দিৰ কৰ্তৃপক্ষই মূৰ্তিটোৰ আলোকচিত্ৰ ভক্তৰ বাবে মুকলি কৰে। মন্দিৰটোৰ ব্যৱস্থাপনাত থকা শ্ৰীৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ বাবে প্ৰৱেশ পত্ৰও মুকলি কৰে।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সামাজিক মাধ্যমযোগে তেওঁৰ প্ৰিয় সহ অন্য ৬০তকৈও অধিক ৰামভজন প্ৰচাৰ কৰিছে। ৰামভক্তসকলৰ বাবে ৬০তাতকৈ অধিক এই ৰামভজন প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি ভক্তিৰস বিয়পাইছে। ৰাম মন্দিৰৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে অসমৰ পৰাও গৈছে ৩ সত্ৰাধিকাৰৰ লগতে অন্যান্য সাংস্কৃতিক দল। ৰাম জনমভূমি ন্যাসৰ পৰা ২৯জন সত্ৰাধিকাৰক নিমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ ভিতৰত ৩ সত্ৰাধিকাৰ উত্তৰ কমলাবাৰী সত্ৰৰ জনাৰ্দন দেৱগোস্বামী, ভোগপুৰ সত্ৰৰ দেৱদত্ত গোস্বামী আৰু গড়মুৰ সত্ৰৰ পৰমানন্দ দেৱগোস্বামী অনুগতসহ অযোধ্যালৈ ৰাওনা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.