অপৰাধআন্তঃৰাষ্ট্ৰীয়

প্ৰতিদিনে প্ৰায় ২০ জন পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ বাধ্য কৰোৱা হ’ল মহিলাক

দেহ ব্যৱসায়ীৰ লগত জড়িত এলেনাৰ কথা শুনিলে আপোনাৰ গাৰ নোম শিয়ৰী উঠিব

মহিলা সৰবৰাহ আৰু দেহ ব্যৱসায় হৈছে সমাজৰ এক ঘৃণনীয় সত্য। দেশে বিদেশে অহৰহ চলি থাকে দেহ ব্যৱসায়ীৰ জঘন্য কাৰ্য।

তেনে দেহ ব্যৱসায়ীৰ লগত জড়িত এলেনাৰ কথা শুনিলে আপোনাৰ গাৰ নোম শিয়ৰী উঠিব।
এলেনা নামৰ এগৰাকী যুৱতীয়ে মুকলিকৈ ক’লে নিজৰ জীৱনৰ বিষয়ে। প্ৰেমৰ ফান্দত পৰি মৃত্যুৰ মুখৰ পৰা ঘুৰি আহে এলেনা। এজন পুৰুষে প্ৰেমৰ জালত পেলাই ব্ৰিটেইনৰ ৱেষ্ট মিডলেণ্ডৰ এটা ঘৰলৈ লৈ আহিছিল এলেনাক। তাৰ পাছত আৰম্ভ হৈছিল এলেনাৰ জীৱনৰ কলা অধ্যায়।

এলেনাৰ মতে, প্ৰতিদিনে তেওঁক প্ৰায় ২০ জন পুৰুষৰ সৈতে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক গঢ়িবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁৰ মতে কোনো কোনো পুৰুষে ড্ৰাগছ লৈ প্ৰায় ৬,৭ ঘন্টাকৈ সহবাস কৰিছিল। এনে যৌন নিৰ্যাতনৰ ফলত প্ৰায় মৃতু্যৰ মুখত পৰিছিল এলেনা।

এলেনাই শাৰীৰিক সম্বন্ধৰ পৰা এদিনত ১ লাখ টকা বা তাতকৈও অধিক ধন উপাৰ্যন কৰিছিল। কিন্তু সেই সকলো পইছাৰ গৰাকী হৈছিল এলেনাৰ ভন্দ প্ৰেমিক।

পুলিচে এলেনাক ঘৰৰ পৰা অতি সংকতজনক অৱস্থাত উদ্ধাৰ কৰে। অত্যাধিক শাৰীৰিক সম্পৰ্কৰ ফলত অত্যন্ত দুৰ্বল আৰু পুষ্টিহীন হৈ পৰা এলেনাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাত ডাক্তৰে তেওঁক মাত্ৰ ৪৮ ঘন্টাহে জীয়াই থাৰিব বুলি কৈছিল, কিন্তু সোভাগ্যবশত এলেনাৰ জীৱন কক্ষা পৰে। এতিয়া চোৰাং দেহ ব্যৱসায়ীক চিনাক্ত কৰিবলৈ আৰক্ষীৰ সহায় কৰি আছে এলেনাই।

উল্লেখ্য যে, ইংলেণ্ডত দেহ ব্যৱসায় অবৈধ নহয়। সেয়েহে দেহ ব্যৱসায়ীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক মহিলাৰ বিবৃতিৰ প্ৰয়োজন হয়। কিন্তু মহিলাৰ বিবৃতিৰ পূৰ্বেই দেহ ব্যবসায়ী পলায়ন কৰে। তাৰোপৰি বেছিভাগ মহিলাই ভয় আৰু অসহায়তাৰ বাবে বিবৃতি নিদিয়ে আৰক্ষীৰ ওচৰত।

বাতৰি অনুসৰি, ২০১৮ ৰ পৰা ২০২০ৰ ডিচেম্বৰলৈ দেহ ব্যবসায়ীৰ দৰে জঘন্য কাৰ্য্যৰ বাবে প্ৰায় ৬ হাজাৰ মহিলাক ইংলেণ্ডলৈ অনা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.