Covid-19ভাৰতস্বাস্থ্য

ভাৰতত প্ৰথমজন অ’মিক্ৰনত আক্ৰান্ত লোকৰ মৃত্যু

কিছুদিন পূৰ্বে লোকজন নাইজেৰিয়াৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে

ভাৰতত প্ৰথমজন অ’মিক্ৰনত আক্ৰান্ত লোকৰ মৃত্যু। ২৮ ডিচেম্বৰতে মৃত্যু হয় লোকজনৰ।
মহাৰাষ্ট্ৰত ৫২ বছৰীয়া আক্ৰান্ত এজন লোকৰ মৃত্যু ঘটিছে। কিছুদিন পূৰ্বে লোকজন নাইজেৰিয়াৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।

মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে লোকজন মৃত্যু ক’ভিডত হোৱা নাই বুলি প্ৰকাশ কৰিছিল যদিও পুনেৰ নেচনেল ইনষ্টিটিউট অব ভাইৰ’লজিলৈ প্ৰেৰণ কৰা নমুনাৰ ফলাফলত লোকজন অমিক্ৰন ভাইৰাছত আক্ৰান্তৰ তথ্য পোৱা যায়। মৃত লোকজন মধুমেহ ৰোগতো আক্ৰান্ত আছিল।

বৰ্তমান, মহাৰাষ্ট্ৰত ১৮,২১৭জন সংক্ৰমিত ব্যক্তি চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও দেশত ১৯৮টা নতুন অমিক্ৰনৰ ঘটনা চিনাক্ত কৰা হৈছে। মহাৰাষ্ট্ৰত ৪৫০গৰাকীলৈ বৃদ্ধি পালে অমিক্ৰন পজিটিভ ৰোগীৰ সংখ্যা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.