অসমউৎসৱগুৱাহাটীবোলছবিভাৰতশিল্পীসংগীতসংস্কৃতি

তেতিয়াও জীৱন বৰঠাকুৰ জুবিন গাৰ্গ হৈ উঠা নাই

চুপাৰহিট এলবাম অনামিকা তেতিয়াও মুকলি হোৱা নাই

তেতিয়াও জীৱন বৰঠাকুৰ জুবিন গাৰ্গ হৈ উঠা নাই, চুপাৰহিট এলবাম অনামিকা তেতিয়াও মুকলি হোৱা নাই। যোৰহাটৰ জে.বি কলেজত পঢ়ি থকা জীবন বৰঠাকুৰে সেই সময়ত লুনা শইকীয়াৰ লগত কিবʼৰ্ড বজায়, লগতে দুই এটা গান Composition কৰি দিয়ে। ইয়াৰ পূৰ্বে পঞ্চম শ্ৰেণীত কৰিমগঞ্জত থাকোঁতে তবলা বিষয়ত জুবিনে বিষাৰদ লাভ কৰিছিল। বিজনীত থকা সময় খিনিত ৰমণী ৰায়ৰ তত্বাৱধানত ভগ্নীৰ সৈতে সংগীতৰ চৰ্চা কৰিছিল। ৰমণী ৰায়ৰ ভৰি নাছিল, এখন ৰিক্সাত উঠি তেওঁ জুবিনৰ ঘৰলৈ আহিছিল সংগীত শিকাবলৈ। পিছলৈ সেই গুৰুজনাৰ লʼৰাক জুবিন গাৰ্গে নিজৰ লগতে ৰাখিছিল। সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাত ভগ্নী জংকীয়ে এবাৰ মঞ্চত কথক নৃত্য নাচিছিল আৰু তাত জুবিনে গীত গাইছিল আৰু তবলা বজাইছিল। সকলোৱে তেতিয়া জুবিনক দেখি আচৰিত হৈছিল। কাৰণ, গীত গোৱাৰ সমানে সমানে তবলা বজোৱাটো ইমান সহজ কাম নাছিল। কৈশোৰ অৱস্থাত নিজৰ মাত সলনি হোৱাৰ বাবে জুবিনে গান গাবলৈ এৰি বাদ্যযন্ত্ৰ বজোৱাত বেছি গুৰুত্ব প্ৰদান কৰিছিল। অৰ্থাৎ বিজনীৰ পিছত তামোলপুৰত থকা সময়খিনিত তেওঁ গীত গোৱা নাছিল।

ডিব্ৰুগড়ৰ এটা মিউজিকেল বেণ্ড আছিল, নাম আছিল etc. ৰাণা, ৰীতু, দ্বীপ, ধ্ৰুৱ, ডনী এই যুৱককেইজনে মিলি বেণ্ডটো খুলিছিল আৰু অনুষ্ঠান পৰিৱেশন কৰিছিল।ডনীৰ ভাল কিবʼৰ্ড নাছিল। ইফালে হাতলৈ আহিছিল এটা ভাল অনুষ্ঠান। কোনোবাই কʼলে যে জুবিনৰ এখন ভাল কিবʼৰ্ড আছে। ডনী আৰু লগৰ এজন বাছত উঠি যোৰহাট পালেহি। জুবিনে একেবাৰে কিবʼৰ্ড খন লৈ যাবলৈ দিলে। সেইখন কিবʼৰ্ড সেই সময়ৰ দামী কিবʼৰ্ড আছিল।
জুবিন etc বেণ্ডটোৰ মিউজিক শুনি ভাল পালে আৰু কʼলে মোৰ ‘অনামিকা’ এলবামত তোমালোকে বজাব লাগিব। ইয়াৰ পিছতে etc ৰ নাম সলনি হৈ ‘জুবিন গাৰ্গ বেণ্ড’ হৈ পৰিল।

১৯৯২ চন, দূৰ্গা পূজাৰ ষষ্ঠীৰ দিনা ‘অনামিকা’ মুকলি কৰা হʼল। আলফাৰ সন্ত্ৰাস, হিন্দী গীতৰ আলোড়ণ, আৰু অসমীয়া সংগীতৰ দুৰাৱস্থাৰ সময়ত এলবামটো মুকলি কৰা হʼল। ৮০ হাজাৰ টকা খৰচ কৰি এলবামটো মুকলি কৰিছিল। লগতে মুম্বাইলৈ গৈ কবিতা কৃষ্ণমূৰ্তিকো অনামিকাত গীত গোৱাইছিল। এক নতুন সোৱাদৰ গীত, সকলোৱে খুব ভাল পালে। হাঁহিলে তুমি মুকুতা মণি সৰে, মনৰ নিজানত জোনাক আছিলে এইবোৰ গীত জনপ্ৰিয় হৈ পৰিল। ষষ্ঠীত মুকলি কৰা এলবামৰ কেছেট দশমীলৈ sold out হৈ পৰিল। ইফালে সোণাৰীৰ যুৱক কেইজনে জুবিন গাৰ্গক মাতি এখন অনুষ্ঠান পতাৰ কথা আলোচনা কৰিলে। পবিত্ৰ মাৰ্ঘেৰিটা ঘোষক হিচাপে থকা অনুষ্ঠানখনৰ টিকতৰ দাম কৰা হʼল ২০ টকা, ৩০ টকা আৰু ৫০ টকা। অনুষ্ঠানটোত জুবিন গাৰ্গে অনামিকা এলবামৰ গীত সমূহ গালে। অনুষ্ঠানটো ঠিক হৈছিল ৬০০০ টকাত। তাৰে ১২০০ টকা খৰচ হʼল গাড়ী ভাৰাৰ নামত, বাদ্যযন্ত্ৰী সকলক দিয়া হৈছিল ৩০০ টকাকৈ, জুবিন গাৰ্গৰ হাতত ৰৈছিল ২০০০ টকা। অৰ্থাৎ প্ৰথম মঞ্চ অনুষ্ঠানত জুবিন গাৰ্গৰ উপাৰ্জন আছিল ২০০০ টকা। জুবিন গাৰ্গে অনুষ্ঠানৰ মাননিৰ কথা নিজেই পাতিবলৈ বেয়া পাইছিল আৰু সেয়েহে মাক আৰু লগৰ দুজনৰ কথা মতে লৈ জয়ন্ত বৰদলৈয়ে তাৰ দ্বায়িত্ব ল’লে। ১৯৯৩-১৯৯৭ চনলৈকে জয়ন্ত বৰদলৈ আছিল জুবিন গাৰ্গৰ প্ৰথম মেনেজাৰ।
জুবিন গাৰ্গ মুম্বাইলৈ যোৱাৰ‌ বাবে বেণ্ডটো মুম্বাইলৈ গৈছিল। কিন্তু ১৯৯৭ চনত অসমলৈ ঘূৰি আহি বিহু অনুষ্ঠান পৰিৱেশন কৰিবলৈ এটা নতুন বেণ্ড জুবিন গাৰ্গে খুলি লৈছিল। তাৰ পিছত পবিত্ৰ মাৰ্ঘেৰিটাক জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে দ্বায়িত্ব দিয়া হʼল।

অনুপম শইকীয়াৰ এখন নীলা ৰঙৰ স্কুটাৰ আছিল। স্কুটাৰ খনত উঠি জুবিন গাৰ্গ আৰু অনুপম শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়লৈ গʼল। ইতিমধ্যে বিশ্ববিদ্যালয় যুৱ মহোৎসৱত জুবিন গাৰ্গে গীত গাই Gold Medal পাই থৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত জুবিন গাৰ্গৰ প্ৰথমখন মঞ্চ অনুষ্ঠান ঠিক কৰা হৈছিল তেতিয়া ১১০০০ টকাত।

বিহু গীত গাবলৈ‌ লোৱাৰ পৰা জুবিন গাৰ্গে এটা পৃথক মৰ্যদা পালে। প্ৰথম বিহু এলবাম ‘উজান পিৰিটি’ৰ ৭ টা গান গাইছিল জুবিন গাৰ্গে আৰু এটা গান গাইছিল খগেন গগৈয়ে। কিন্তু ইয়াৰ আগতে ‘জানমণি ঐ পছোৱা ফাগুনৰ’ শীৰ্ষক গীতটি জুবিন গাৰ্গে ৰেকৰ্ডিক কৰিছিল। এইটো আছিল ৰেকৰ্ডিং কৰা প্ৰথমটো বিহু গীত। উচ্চ স্বৰত গীত গাই জুবিন গাৰ্গে গীত গোৱা এটি নতুন ট্ৰেণ্ড সৃষ্টি কৰিলে। সেই যে সোণাৰীত অনুষ্ঠান পৰিৱেশন কৰাৰ পিছত জুবিন গাৰ্গে দুলীয়াজানত অনুষ্ঠান কৰিছিল, আৰু তাত অজস্ৰ মানুহ গোট খাইছিল। সন্মুখত ইমান মানুহ জুবিন গাৰ্গে প্ৰথমবাৰৰ বাবে দেখিছিল। মঞ্চৰ উঠিবলৈ লওতেই এডাল কেবুলত জুবিন গাৰ্গৰ ভৰিখন পাক খাই জুবিন গাৰ্গ মঞ্চত পৰি গʼল, মানুহে ভাবিলে মদ খাই পৰিল।

১৯৯৪ চনত ‘মায়া’ এলবাম‌ মুকলি হʼল। তেওঁৰ লগত বজাইছিল ৰিতু শইকীয়াই। ৰিতু শইকীয়াই প্ৰেমত প্ৰতাৰণাৰ সন্মুখীন হৈ দুখত জুবিন গাৰ্গক কৈছিল ‘সকলো মায়’। কথাষাৰীত যেন জুবিন গাৰ্গে কিবা এটা বিচাৰি পালে। হাৰমনিয়াম খন টানি আনি গুণ গুণাই উঠিল ‘মায়া মায়া মাথোঁ মায়া’। ৩০ মিনিটৰ ভিতৰ মায়াৰ সৃষ্টি হৈ পৰিল।এয়াই মায়াৰ আৰম্ভণি। ইয়াৰ পিছত ‘মায়া’ৰ ইটোৰ পিছত সিটো গীত জনপ্ৰিয় হৈ পৰিল।

বিমান বৰুৱাই তেতিয়াই কৈছিল, “জুবিনে যদি গীত এটা ৰেকৰ্ডিং কৰি নিজে গুণ গুণাই ভিতৰৰ পৰা উলাই আহে তেতিয়া গম পাবা যে গীতটো চুপাৰহিট হʼবই।” তেতিয়া বিমান বৰুৱাহঁতে জুবিন গাৰ্গক শংকৰদেৱ বুলি মাতিছিল। ঘৰতে জুবিন গাৰ্গে Western Music ৰ এলবামবোৰ সংৰক্ষণ কৰিছিল আৰু তাৰ ওপৰত অধ্যয়ন কৰিছিল। বৰ্তমানত থাকি দহ বছৰ আগলৈ চিন্তা কৰিছিল। যিকোনো পৰিস্থিতিতে গীত সৃষ্টি কৰিব পৰা গুণ জুবিন গাৰ্গৰ আছিল। অসমীয়া গীতত পাশ্চাত্যৰ পোচাক পিন্ধাই তেওঁ এক নতুন ৰূপ দিছিল। মানুহে গীতবোৰ শুনি ভাল পাবলৈ লৈছিল আৰু জুবিন গাৰ্গ সকলোৰে মাজত পৰিচিত হৈ পাৰিছিল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − eight =

Back to top button