অপৰাধঅসম

সাৱধান! অসমত ওলাইছে তালিবানৰ সমৰ্থক

ৰাজ্যৰ ১৪ গৰাকী তালিবানৰ সমৰ্থক গ্ৰেপ্তাৰ

আফগানিস্তানত তালিবানৰ উত্থানৰ লগে লগে সমগ্ৰ বিশ্বতে আতংক আৰু উত্তেজনাৰ সৃষ্টি হৈছে, তালিবানক সমুলি নিঃশেষ কৰাৰ বাবে সাধাৰণ জনতাই মত প্ৰকাশ কৰাৰ বিপৰীতে নিৰ্দিষ্ট এটা চামে এই উগ্ৰপন্থী সংগঠনটোলৈ আগবঢ়াইছে সমৰ্থন।

অসমটো পোহৰলৈ আহিছে তালিবানী সমৰ্থক। সামাজিক মাধ্যমত তালিবানক অসমৰ একাংশ ব্যক্তিয়ে মুকলিকৈ সমৰ্থন জনোৱাৰ ঘটনা পোহৰলৈ আহিছিল। যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসম আৰক্ষীয়ে ইতিমধ্যে ৰাজ্যৰ ১৪ গৰাকী তালিবানৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে।

অসম আৰক্ষীয়ে আটক কৰা এই ১৪ গৰাকী তালিবানৰ সমৰ্থক ক্ৰমে, দৰং জিলাৰ মৌলানা ফাজুল কৰিম, কামৰূপ গ্ৰাম্যৰ আবু বক্কৰ ছিদ্দিক, ছাইদুল হক, কাচাৰ জিলাৰ জাভেদ মজুমদাৰ, বৰপেটা জিলাৰ মজিদুল ইছলাম, ফাৰুক হুছেইন খান, ধুবুৰী জিলাৰ ছৈয়াদ আহমেদ, অৰমান হুছেইন, হাইলাকান্দিৰ নাদিম আখটাৰ, দক্ষিণ শালমাৰাৰ খান্দাকাৰ নুৰ আলম, গোৱালপাৰাৰ মৌলানা য়াছিন খান, হোজাইৰ মৌলানা বাছিৰুদ্দিন লস্কৰ, কৰিমগঞ্জৰ মুজিব উদ্দিন আৰু মুৰ্টোজা হুছেইন খান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.