SocialSocial Networkআন্তঃৰাষ্ট্ৰীয়

বিমানৰ পৰা তলত পৰি মৃত্যুক সাৱটিলে ১৯ বছৰীয়া আফগান ফুটবলাৰে

তালিবানৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিজৰ জীৱনকো তুচ্ছ কৰি বিমানৰ চকাত সোমাই দেশৰ পৰা পলাবলৈ চেষ্টা কৰিছিল দেশৰ জনতাই

কাবুল বিমানবন্দৰৰ পৰা উৰা মাৰি যোৱা এখন U.S. মিলিটাৰী বিমানৰ পৰা তলত পৰি কিছুদিন পূৰ্বে মৃত্যুক সাৱটি লৈছিল দুজন যাত্ৰীয়ে। আকাশমাৰ্গৰ পৰা কেইবাশ ফুট তলত পৰি যাত্ৰীকেইজনে অকাল মৃত্যুক সাৱটি লোৱা ভিডিঅ’ ততালিকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰে সমগ্ৰ বিশ্বত।

বিমানৰ পৰা তলত পৰি মৃত্যুক সাৱটিলে ১৯ বছৰীয়া আফগান ফুটবলাৰে

এই শিহৰণকাৰী ভিডিঅ’ই প্ৰতিফলন কৰিছিল আফগানিস্তানৰ বিভীষিকাময় পৰিস্থিতিৰ। কিদৰে তালিবানৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিজৰ জীৱনকো তুচ্ছ কৰি বিমানৰ চকাত সোমাই দেশৰ পৰা পলাবলৈ চেষ্টা কৰিছিল দেশৰ জনতাই।

তালিবানৰ সন্ত্ৰাসৰ পৰা হাত সাৰিবলৈ দেশৰ পৰা পলোৱাৰ চেষ্টা কৰি বিমানৰ নিম্নাংশত বহি দেশৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিছিল আফগানিস্তানৰ ১৯ বছৰীয়া কিশোৰ জাকি আনৱাৰীয়ে। কাবুল বিমানবন্দৰৰ পৰা U.S. বিমানখনে উৰণ আৰম্ভ কৰাৰ ক্ষন্তেক পাছতে বিমানৰ পৰা তললৈ সৰি পৰে জাকী আনৱাৰী। কেইবাশ ফুট ওপৰৰ পৰা তলত পৰা জাকিৰ শৰীৰ ততালিকে ছিন্ন-ভিন্ন হৈ পৰে। উল্লেখযোগ্য যে, জাকি আনৱাৰী আছিল ৰাষ্ট্ৰীয় জুনিয়ৰ ফুটবল টীমৰ এজন খেলুৱৈ।

দেওবাৰে তালিবানে আফগানিস্তান দকল কৰাৰ পাছত এতিয়া পৰ্যন্ত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে, দেশ এৰি পলায়ন কৰিছে দেশৰ হাজাৰ-হাজাৰ জনতা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 3 =

Back to top button