দিল্লীবতৰভাৰত

১২১ বছৰৰ অন্তত দিল্লীত চলিত বৰ্ষতে দ্বিতীয় সৰ্বাধিক বৰষুণ, স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা…

চলিত বৰ্ষৰ ১ জুনৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত দিল্লী চহৰত ১,১৬৯ মিমি. বৰষুণ আৰু ৮০% অধিক বৰষুণ হোৱা পৰিলক্ষিত হৈছে।

দিল্লীত মুষলধাৰ বৰষুণ । বৰষুণে অভিলখ সৃষ্টি কৰিছে দিল্লীত । ১৯৩৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে চলিত বৰ্ষত ১,৫০০ মিমি.তকৈ অধিক বৰষুণে ৰেকৰ্ড গঢ়িলে দিল্লীত ।

১২১ বছৰৰ অন্তত দিল্লীত পৰিলক্ষিত হ’ল দ্বিতীয় সৰ্বাধিক বৰষুণ।

বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে দিল্লীৰ স্বাভাৱিক জীৱন যাত্ৰা । বৃষ্টিপাতৰ ফলত দিল্লীৰ বহুকেইটা পথ পানীত বুৰ যোৱাৰ ফলত যান-বাহন চলাচলত অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ লোক । উল্লেখ্য যে, দেওবাৰে দিল্লীত হোৱা আকস্মিক বৰষুণৰ মাত্ৰা ২৭.৫ মিমি.লৈ বৃদ্ধি পাইছে ।

চলিত বৰ্ষৰ ১ জুনৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত দিল্লী চহৰত ১,১৬৯ মিমি. বৰষুণ আৰু ৮০% অধিক বৰষুণ হোৱা পৰিলক্ষিত হৈছে।

এইবাৰ দিল্লীত বছৰতকৈ দুগুণ বৰষুণৰ হোৱাৰ আশংকা কৰা হৈছে। লগতে বতৰৰ পৰিৱৰ্তনৰ বাবে দিল্লীত অত্যাধিক ঠাণ্ডা হোৱাৰ কথাও উল্লেখ কৰিছে বতৰ বিজ্ঞানীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.