Covid-19দিল্লীভাৰত

পুনৰ ক’ভিডৰ ত্ৰাস! ক’ভিডে কপাঁইছে সংসদ ভৱন, ৪০০ৰো অধিক কৰ্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি

ক'ভিডৰ প্ৰভাৱ ইমানেই বেছি যে সাৰি যোৱা নাই সংসদ ভৱনো (Parliament)। সংসদ ভৱনত কৰ্মৰত ৪০০ৰো অধিক কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি।

ক’ভিডে পুনৰ কপাঁইছে ৰাজধানী চহৰ দিল্লী। ক’ভিডৰ প্ৰভাৱ ইমানেই বেছি যে সাৰি যোৱা নাই সংসদ ভৱনো (Parliament)। সংসদ ভৱনত কৰ্মৰত ৪০০ৰো অধিক কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

জানুৱাৰীৰ ৬ আৰু ৭ তাৰিখে সংসদত কাম কৰা কৰ্মচাৰী, নিৰাপত্তা কৰ্মীসকলৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। তাৰ পাছতেই আহে এই ভয়ানক খবৰ। সূত্ৰ অনুসৰি, সংক্ৰমিত লোকৰ সংখ্যা আৰু অধিক হ’ব পাৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ক’ভিডৰ বাবে ৰাজধানী দিল্লীত পৰিস্থিতি নিৰন্তৰ অৱনতি হৈ আছে। শনিবাৰে কোৰোনাত সংক্ৰমিত ৰোগীৰ সংখ্যা আছিল ২০,১৮১ জন হোৱাৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত কোৰোনাৰ ফলত ৭ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.