আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

‘পাকিস্তান গ’ বেক ধ্বনি’ৰে আফগানিস্তানত পাকিস্তানৰ বিৰুদ্ধে আফগান মহিলাৰ প্ৰতিবাদী সমদল…

প্ৰতিবাদকাৰী দলটোৰ অধিকাংশই আছিল মহিলা। নিজৰ অধিকাৰৰ দাবী কৰি মহিলাসকলে উলিয়াইছিল এই প্ৰতিবাদ।

কাবুলত ক্ৰমাৎ হিংসাত্মক হৈ উঠিছে পৰিস্থিতি। মঙলবাৰে, কাবুলত পাকিস্তান বিৰোধী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা একাংশলৈ গুলীচালনা কৰে তালিবানে।

প্ৰায় ৭০ জন প্ৰতিবাদকাৰীয়ে মঙলবাৰে আফগানিস্তানৰ পাকিস্তান দূতাৱাসৰ সন্মুখলৈ বেনাৰ লৈ, শ্লোগান উলিয়াই সমদল উলিয়াইছিল। এই প্ৰতিবাদকাৰী দলটোৰ অধিকাংশই আছিল মহিলা। নিজৰ অধিকাৰৰ দাবী কৰি মহিলাসকলে উলিয়াইছিল এই প্ৰতিবাদ।

প্ৰতিবাদকাৰীসকলৰ সমদলক বাধা দিবৰ বাবে তালিবানে শূণ্যলৈ গুলীচালনা কৰে। যদিও তালিবানে এতিয়ালৈকে নতুন চৰকাৰৰ কাম-কাজ আৰম্ভ কৰা নাই, তথাপি আফগান লোকসকল তালিবানৰ পূৰ্বৰ হিংসাত্মক শাসনক লৈ ভীতিগ্ৰস্ত। সেয়েহে আফগানিস্তানৰ মহিলাসকলে আজি কাবুলত এই প্ৰতিবাদ উলিয়ায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.