অপৰাধভাৰত

প্ৰথমে ধৰ্ষণ, তাৰপিছত প্ৰেমিকৰ নৃশংস হত্যাৰ বলি ২১ বছৰীয়া মহিলা প্ৰতিৰক্ষা কৰ্মচাৰী

দলবদ্ধ ধৰ্ষণৰ বলি অসামৰিক প্ৰতিৰক্ষা কৰ্মচাৰী। এই বৰ্বৰ ঘটনা সংঘটিত হৈছে দিল্লীত।

নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে যদিও দেশত সুৰক্ষিত নহয় নাৰী। সমাজৰ সকলো বাধা-বিঘিনিকো নেওচি নাৰী সমাজ আগুৱাই গৈছে যদিও এচাম মানুহৰূপী দানৱৰ বাবে অসুৰক্ষিত নাৰীসকল।

নাৰী অসুৰক্ষিত হোৱাৰ কথা পুনৰ প্ৰমাণ হ’ল দিল্লীত। দলবদ্ধ ধৰ্ষণৰ বলি অসামৰিক প্ৰতিৰক্ষা কৰ্মচাৰী। এই বৰ্বৰ ঘটনা সংঘটিত হৈছে দিল্লীত।

উল্লেখযোগ্য যে, ২৭ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰাবিয়া চাইফি নামৰ যুৱতীগৰাকী। মাত্ৰ কিছুদিন পূৰ্বে চাকৰিত যোগ দিছিল ৰাবিয়াই। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ-খোচাৰ কৰিছিল যদিও পোৱা নাছিল ৰাবিয়াৰ কোনো শুংসূত্ৰ। বহু ঠাইত বিচৰাৰ অন্তত অৱশেষত উদ্ধাৰ কৰা হয় মৃতদেহ।

তথ্য অনুসৰি, কামৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে অপৰাধী প্ৰেমিকে অপহৰণ কৰে ৰাবিয়াক। পৰিয়ালৰ অজ্ঞাতে বিবাহপাশত আৱদ্ধ হৈছিল ৰাবিয়া আৰু নিজামুদ্দিন। অন্য এক ব্যক্তিক লৈ দুয়োৰে মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ। বাক-বিতণ্ডাৰ পৰিণতিতেই সংঘটিত হয় হত্যাকাণ্ড। অৱশ্যে, অপৰাধী নিজামুদ্দিনে ইতিমধ্যে, কালিন্দা কুঞ্জত আত্মসমৰ্পণ কৰে।

ৰাবিয়াৰ মৃত্যুৰ কিছুদিন বাগৰিল। তথাপি নিমাত বিজেপি শাসিত দিল্লী আৰক্ষী। ৰাবিয়া চাইফিৰ ন্যায়ৰ দাবীৰে টুইটাৰত সচেতন মহলে তুলিছে বিভিন্ন দাবী। সকলোৱে বিচাৰিছে ন্যায় পাওক ৰাবিয়াই। অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি পদক্ষেপ লয়, সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.