অসম

এদিনতে ১০০.১৬ কিমি. খোজকাঢ়ি অভিলেখ ৰচিলে অসমৰ অঞ্জলি দাসে…

উল্লেখ্য যে, সুদূৰ লাডাখলৈ খোজকাঢ়ি যোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে অঞ্জলি দাস। বহুকেইটা সুউচ্চ শৃংগ আৰোহন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দৌৰবিদগৰাকীয়ে।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিবিষ্ট হ’ল দৌৰবিদ অঞ্জলি দাসৰ নাম। পূৰ্বৰ অভিলেখ ভংগ কৰিলে অঞ্জলি দাসে। ১৮ ঘণ্টাত ১০০ কিঃমিঃ খোজ কাঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল দৌৰবিদগৰাকী।

 

উল্লেখ্য যে, সুদূৰ লাডাখলৈ খোজকাঢ়ি যোৱা প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে অঞ্জলি দাস। বহুকেইটা সুউচ্চ শৃংগ আৰোহন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দৌৰবিদগৰাকীয়ে। লগতে চলিত বর্ষত দিল্লীত অনুষ্ঠিত হোৱা ৩০ৰ ঊৰ্ধ্বৰ এথলেটিকচ প্ৰতিযোগিতাতো সোণৰ পদক লাভ কৰিবলৈও সক্ষম হৈছে অঞ্জলি দাস ।

 

১৯৮৩ চনৰ ১ ফেব্ৰুৱাৰীত বকোত জন্মগ্ৰহণ কৰিছিল অঞ্জলি দাসে। তেওঁ এটা দিনৰ ভিতৰত ১৮ ঘণ্টাত ১০০.১৬ কিমি. খোজকাঢ়ি অভিলেখ ৰচিবলৈ সক্ষম হয়। বকোৰ আমৰংগা মিনি ষ্টেডিয়ামৰ পৰা চিঙৰালৈকে আৰু চিঙৰাৰ পৰা ষ্টেডিয়ামলৈকে ১৮ ঘণ্টা ২৫ মিনিট ৬ ছেকেণ্ড সময়ৰ ব্যৱধানত ১১৪৫৩০ খোজেৰে আগবাঢ়ি যায় অঞ্জলি দাস। ৯ এপ্ৰিলৰ পুৱা ৯.৩৭ বজাত খোজকঢ়া আৰম্ভ কৰি ১০ এপ্ৰিলৰ পুৱা ০৪.০২ত যাত্ৰা সমাপ্ত কৰে দৌৰবিদগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.