আন্তঃৰাষ্ট্ৰীয়বিশ্ব

নাইজেৰিয়াত ভয়ংকৰ পথ দূৰ্ঘটনা। ঘটনাস্থলীতে জ্বলি উঠিল ২০ জন যাত্ৰী

দুখন বাছৰ মাজত হোৱা সংঘৰ্ষত ঠিতাতে জুই জ্বলি উঠে বাছখন

নাইজেৰিয়াত ভয়ংকৰ পথ দূৰ্ঘটনা। আৰক্ষী আৰু এজন বিষয়াই শনিবাৰে জনোৱা মতে, শুকুৰবাৰে দক্ষিণ-পশ্চিম নাইজেৰিয়াত দুখন বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। দুখন বাছৰ মাজত হোৱা সংঘৰ্ষত ঠিতাতে জুই জ্বলি উঠে বাছখন। যাৰবাবে বাছখনৰ প্ৰায় ২০ জন যাত্ৰী জ্বলি মৃত্যুমুখত পৰে।

 

শুকুৰবাৰে ওয়ো ৰাজ্যৰ ইবাৰাপা অঞ্চলৰ লানলেটত সংঘটিত এই দুৰ্ঘটনাটো পশ্চিম আফ্ৰিকাৰ শেহতীয়া পথ দুৰ্ঘটনা।
ইবাৰাপা জিলাৰ অধ্যক্ষ গবেঙ্গা ওবালোৱে এএফপিক জনায় যে, ‘এইটো এটা মাৰাত্মক দুৰ্ঘটনা আছিল। আমি ২০ টাতকৈও অধিক মানৱ মৃতদেহ সম্পূৰ্ণৰূপে জ্বলাই দিয়া বুলি গণনা কৰিছিলো,’

 

লগতে তেওঁ কৈছিল যে, দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে দগ্ধ হৈছিল যদিও তেওঁলোক বাচি গৈছিল আৰু তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ৰাজ্যখনৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি দুৰ্ঘটনাটোত ২০ জন লোকে প্ৰাণ হেৰুৱাইছে।
দ্ৰুত গতিত আৰু বাণিজ্যিক গাড়ী চলোৱাৰ লগতে যান-বাহনৰ নিয়মৰ প্ৰতি অৱজ্ঞা কৰাৰ বাবেই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি জনায় বিষয়াজনে।

জুলাই মাহত উত্তৰ-পশ্চিম নাইজেৰিয়াৰ কাদুনা ৰাজ্যৰ এটা ঘাইপথত তিনিখন বাহনৰ সংঘৰ্ষত প্ৰায় ৩০ জন লোক জ্বলি মৃত্যুমুখত পৰে। পথ সুৰক্ষা আয়োগৰ তথ্য অনুসৰি যোৱা বছৰ নাইজেৰিয়াত ১০,৬৩৭ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল য’ত ৫,১০১ জন লোকৰ মৃত্যু হৈছিল আৰু ৩০,০০০ ৰো অধিক লোক আহত হৈছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.