আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

Tokyo Olympics:ভাৰতৰ হৈ পদক নিশ্চিত কৰিলে মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়াই

লিম্পিকত পুৰুষৰ ৫৭ কেজি freestyle categoryত নুৰ ইছলাম সানাৱেভক হৰুৱাই ফাইনেলত প্ৰৱেশ দাহিয়াৰ

কাজাখাস্তানৰ খেলুৱৈক পৰাজিত কৰি ভাৰতৰ হৈ পদক নিশ্চিত কৰিলে মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়াই। টকিঅ’ অলিম্পিকত পুৰুষৰ ৫৭ কেজি freestyle categoryত নুৰ ইছলাম সানাৱেভক হৰুৱাই ফাইনেলত প্ৰৱেশ দাহিয়াৰ।

খেলৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰম্ভিক সময়ত যদিও দাহিয়াই পইন্ট লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, তথাপি পৰৱৰ্তী সময়ত প্ৰতিদ্বন্দ্বীক হৰুৱাবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে।

ফাইনেলত প্ৰৱেশ মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়াৰ

ফাইনেলত প্ৰৱেশ মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়াৰ  উল্লেকযোগ্য যে, ১৯৫২ চনত কে ডি যাদৱৰ ব্ৰঞ্জ জয়, ২০০৮ আৰু ২০১২ চনত সুসীল কুমাৰৰ ক্ৰমে ব্ৰঞ্জ আৰু ৰূপ জয়, ২০০৮ চনত যোগেশ্বৰ দত্তৰ ব্ৰঞ্জ জয় আৰু ২০১৬ চনত সাক্ষী মালিকৰ ব্ৰঞ্জ জয়ৰ পাছতে ভাৰতৰ হৈ অলিম্পিক পদক জয় কৰা দাহিয়া হ’ব ভাৰতৰ পঞ্চমজন মল্লযু্ঁজাৰু।

ৰবি কুমাৰ হৈছে দুবাৰৰ এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু ২০১৯ চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈ। ভাৰতবাসীয়ে আশা কৰিছে অলিম্পিকত স্বৰ্ম জয়েৰে উভতি আহক মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়া।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.