Assamপৰ্যটন

বিদেশত ফুৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে ৰঙিয়াৰ এজন যুৱকে

থাইলেণ্ডৰ সাগৰত উদ্ধাৰ ৰঙিয়াৰ যুৱক আমিৰ হামজাৰ মৃতদেহ

বিদেশত ফুৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে ৰঙিয়াৰ এজন যুৱকে । থাইলেণ্ডৰ সাগৰত উদ্ধাৰ ৰঙিয়াৰ যুৱক আমিৰ হামজাৰ মৃতদেহ।জানিব পৰা মতে ৩দিন পূৰ্বে গুৱাহাটীৰ নীৰ নামৰ এজন বন্ধুৰ সৈতে থাইলেণ্ডলৈ ফুৰিবলৈ গৈছিল যুৱকজন কিন্তু দেওবাৰে হামজাৰ পৰিয়ালৰ বাবে আহে এই শোকাৱহ খবৰটো। ইয়াৰ লগতে জানিব পৰা মতে নিশা বন্ধু নীৰে Whatsapp কল যোগে ৰঙিয়াৰ আমিৰ হামজাৰ মৃত্যুৰ খবৰ দিয়ে পৰিয়ালক।ঘটনাৰ বিৱৰণী অনুসৰি, থাইলেণ্ডৰ এখন বীচ্ছত সাগৰত গা ধুই থকা অৱস্থাত পানীৰ প্ৰবল ঢৌৱে হামজাক উটুৱাই নিয়ে আৰু সাগৰৰ ঢৌৱে উটুৱাই নিয়াত আমিৰৰ মৃত্যু হোৱা বুলি জনাই নীৰে।নীৰে এই ঘটনাৰ পিছত স্থানীয় থাইলেণ্ড আৰক্ষীক অৱগত কৰিছে বুলি জানিব পৰা গৈছে ।লগতে । হামজাৰ পৰিয়ালে এই অকাল মৃত্যুক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই আৰু তেওঁলোকে সন্দেহ কৰিছে যে এয়া এক স্বাভাৱিক দুৰ্ঘটনা নহয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.