জম্মু-কাশ্মীৰৰাজনৈতিকৰাষ্ট্ৰীয় সুৰক্ষা

আফগানিস্তানক লৈ কোনো সংবাদ প্রকাশ নকৰিবলৈ নির্দেশ জম্মু–কাশ্মীৰৰ প্রশাসনৰ

কঠোৰ হৈছে জম্মু–কাশ্মীৰৰ প্রশাসন

কাশ্মীৰৰ মুছলমানসকলৰ বাবে কথা কোৱাৰ অধিকাৰ আছে বুলি তালিবানে দাবী কৰাৰ পিছতেই কঠোৰ হৈছে জম্মু–কাশ্মীৰৰ প্রশাসন৷ আফগানিস্তানক লৈ কোনোধৰণৰ সংবাদ বা লেখা–মেলা প্রকাশ নকৰিবলৈ নির্দেশ দিছে প্রশাসনে৷

বিশেষকৈ আফগানিস্তানৰ পৰিস্থিতিৰ যাতে কাশ্মীৰ উপত্যকাত কোনো ধৰণৰ প্রভাৱ নপৰে সেই সন্দর্ভত জম্মু–কাশ্মীৰ প্রশাসনে পূর্বৰে পৰা গুৰুত্ব প্রদান কৰি আহিছে৷

শেহতীয়াকৈ প্রশাসনে আফগানিস্তান আৰু তালিবানৰ খবৰ প্রকাশ কৰিলে কাকতসমূহক চৰকাৰী বিজ্ঞাপন নিদিয়ে বুলি সতর্কবাণী কৰি দিছে৷ আজি কাশ্মীৰৰ সংবাদ পত্রসমূহত আফগানিস্তানক লৈ কোনোধৰণৰ খবৰ প্রকাশ হোৱা নাই৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.