অপৰাধদিল্লী

দুই সন্তানৰ সন্মুখতেই ছুৰিকাঘাত কৰি মহিলাক হত্যা, দিল্লীত চাঞ্চল্য…

CCTV ফুটেজ প্ৰত্যক্ষ কৰাত এই কথা পোহৰলৈ আহিছে যে, মহিলাগৰাকীক আক্ৰমণ কৰা লোকজন হৈছে পূৰ্বৰ ওচৰ-চুবুৰীয়া। কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে অন্য ঠাইলৈ স্থানান্তৰিত হৈছিল। অৱশ্যে, এতিয়াও জানিব পৰা নাই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ।

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে ৰাজধানী চহৰ দিল্লী। বৃহস্পতিবাৰে, দিন দুপৰতে এগৰাকী মহিলাক ছুৰিকাঘাত কৰি হত্যা কৰিলে দুৰ্বৃত্তই। ঘটনা সংঘটিত কৰিয়েই পলায়ন দুৰ্বৃত্তৰ।

নিজৰ দুই সন্তানক লগত লৈ নিজ গৃহলৈ আহি থাকোতেই পাছফালৰ পৰা মহিলাগৰাকীক আক্ৰমণ কৰে এজন লোকে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে। বৃহস্পতিবাৰে, দুপৰীয়া ২.১০ বজাত সংঘটিত হয় এই ঘটনা। আনহাতে, মহিলাগৰাকীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন লোকজনৰ।

CCTV ফুটেজ প্ৰত্যক্ষ কৰাত এই কথা পোহৰলৈ আহিছে যে, মহিলাগৰাকীক আক্ৰমণ কৰা লোকজন হৈছে পূৰ্বৰ ওচৰ-চুবুৰীয়া। কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে অন্য ঠাইলৈ স্থানান্তৰিত হৈছিল। অৱশ্যে, এতিয়াও জানিব পৰা নাই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ।

ইতিমধ্যে, হত্যাকাৰীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। লগতে আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ত কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.