অভিনয়দৈনিক বাতৰিবলিউডভাৰতমনোৰঞ্জন

অনুৰাগীক কন্দুৱাই গুচি গ’ল সিদ্ধাৰ্থ, মৃত্যুৰ আগনিশা কিহত ব্যস্ত আছিল অভিনেতাগৰাকী?

বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাত অচেতন অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে অভিনেতাগৰাকীক

অনুৰাগীক কন্দুৱাই গুচি গ’ল সিদ্ধাৰ্থ শুকলা। বৃহস্পতিবাৰে অভিনেতা সিদ্ধাৰ্থ শুকলাৰ বিয়োগত মৰ্মাহত হৈ পৰিছে অনুৰাগী।

জনপ্ৰিয় টিভি আৰু বলিউডৰ অভিনেতা সিদ্ধাৰ্থ শুকলাই বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয়। হাৰ্ট এটেক হোৱাত মাত্ৰ ৪০ বছৰ বয়সত মুম্বাইৰ কুপাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।

বুধবাৰে সন্ধিয়া ৮ বজাত মাতৃৰ সৈতে খোজ কাঢ়িবলৈ ওলাই গৈছিল প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুকলা। খোজ কাঢ়োতে মাতৃক নিজৰ স্বাস্থ্য বেয়া হোৱাৰ কথাও উল্লেখ কৰিছিল অভিনেতাগৰাকীয়ে। খোজকঢ়াৰ অন্তত নিজৰ ফ্লেটলৈ গৈ এটা টেবলেট খাই শুইছিল অভিনেতাগৰাকী। বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাত অচেতন অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে অভিনেতাগৰাকীক। ততাতৈয়াকৈ অভিনেতাগৰাকীক হাস্পতাললৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী সময়ত চিকিৎসকে মৃত ঘোষণা কৰে অভিনেতা সিদ্ধাৰ্থ শুকলাক। অৱশ্যে, সিদ্ধাৰ্থ শুকলাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোষ্ট মৰ্টেম ৰিপোৰ্ট অহাৰ পিছতহে গম পোৱা যাব।

উল্লেখযোগ্য যে, বহুদিন ধৰি Sidnazz যুটিৰে অনুৰাগীৰ মন মুহি আহিছিল সিদ্ধাৰ্থ শুকলা আৰু তেওঁৰ বান্ধৱী Bigg Boss-13ৰ প্ৰতিযোগী চেহনাজ গিলে। অভিনেতাগৰাকীৰ মৃত্যুৰ সময়ত চেহনাজ শ্বুটিঙত ব্যস্ত আছিল। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ শুনি ততাতৈয়াকৈ হাস্পতাললৈ ঢাপলি মেলিছিল অভিনেত্ৰীগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.