AssamCMO AssamFestivalHimanta Biswa Sarmaleatest updateঅসমআঞ্চলিকউৎসৱদৈনিক বাতৰি

১ ফেব্ৰুৱাৰী পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে অনুষ্ঠিত হ’ব নৱম সংখ্যক ‘মিচিং যুৱ মহোৎসৱ’-২০২৪

অহা ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীয়ে অনুষ্ঠিত হ'ব নৱম সংখ্যক 'মিচিং যুৱ মহোৎসৱ’-২০২৪। বগীবিল দলঙৰ উত্তৰ পাৰৰ কাৰেং চাপৰিৰ ব্ৰহ্মপুত্ৰ পাৰত ১২ শ বিঘা ভূমি সামৰি অনুষ্ঠিত হ'ব এই মহোৎসৱ

ধেমাজিৰ বগীবিল কাৰেং চাপৰিত ‘মিচিং যুৱ মহোৎসৱ’-২০২৪ ৰ যুদ্ধকালীন প্ৰস্তুতি। অহা ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীয়ে অনুষ্ঠিত হ’ব নৱম সংখ্যক ‘মিচিং যুৱ মহোৎসৱ’-২০২৪। বগীবিল দলঙৰ উত্তৰ পাৰৰ কাৰেং চাপৰিৰ ব্ৰহ্মপুত্ৰ পাৰত ১২ শ বিঘা ভূমি সামৰি অনুষ্ঠিত হ’ব এই মহোৎসৱ।

অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ জনজাতি মিচিং সকলৰ নৱম সংখ্যক এই মহোৎসৱটি বৰ্ণিল সাংস্কৃতিক সমাৰোহৰে অনুষ্ঠিত হ’ব। সম্পূৰ্ণ বাঁহেৰে বিশাল ৰঙ্গমঞ্চ, মূল তোৰণৰ পৰা আৰম্ভ কৰি বিপনী, অতিথিশালা, স্মৃতি বেদী নিৰ্মাণৰ কামত ব্যস্ততাত দেখা গৈছে TMPKৰ কৰ্মীসকলক।

উল্লেখ্য যে, ‘টাকাম মিচিং পৰিন কৗবাং’ চমুকৈ TMPKৰ নেতৃত্বত অসমীয়া আয়ুস ৰেখা ব্ৰহ্মপুত্ৰৰ নিচেই সমীপৰ এই মিচিং যুৱ মহোৎসৱৰ জৰিয়তে ঘাইকৈ উত্তৰ অসম আৰু উজনি অসমৰ পৰ্যটন খণ্ডলৈ আমূল পৰিৱৰ্তন আহিব বুলি উদ্যোক্তা সকল পৰম আশাবাদী।

প্ৰায় দহ হেজাৰ প্ৰতিনিধি অংশগ্ৰহণেৰে অনুষ্ঠিত হ’ব লোৱা এই মহোৎসৱত মিচিং জনগোষ্ঠীৰ থলুৱা পৰম্পৰা কৃষ্টি সংস্কৃতি, নৃত্য-গীত, বিভিন্ন খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মিচিং জনপ্ৰিয় শিল্পী সকলে গীত পৰিৱেশন কৰিব।
আনহাতে ৩ ফেব্ৰুৱাৰীৰ দিনা মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবাজনো কেবিনেট মন্ত্ৰী উপস্থিত থাকিব।

লগতে অন্তিম দিনাৰ মুকলি সভাত চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ মুৰব্বী সকলো উপস্থিত থাকিব বুলি সদৰি কৰিছে উদযাপন সমিতিয়ে।
মুখ্যমন্ত্ৰীৰ আগমণক লৈ তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। জিলা আয়ুক্তই নিজে তদাৰক কৰিছে সকলো নিৰাপত্তাৰ দিশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 10 =

Back to top button