Regionalscamঅসম আৰক্ষীভাৰত
Trending

বিপদত IAS পল্লৱ গোপাল ঝা… বিষয়া-ঠিকাদাৰে মিলি আত্মসাৎ কৰিছিল কোটি কোটি টকা !

জেৰা চলোৱাৰ অনুমতি বিচাৰি CM VIGILANCE য়ে পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ

সাংসদ পুজিৰ কেলেংকাৰীত শীঘ্ৰে জেৰাৰ সন্মুখীন হ’ব তদানীন্তন জিলা আয়ুক্ত IAS পল্লৱ গোপাল ঝা ৷ জেৰা চলোৱাৰ অনুমতি বিচাৰি CM VIGILANCE য়ে পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ৷

জানিব পৰা মতে, সাংসদ পুজিৰ কেলেংকাৰীৰ সময়ত পল্লৱ গোপাল ঝা কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ঝাৰ কাৰ্যকালত ঠিকাদাৰে কাম নকৰাকৈ আৰু অস্তিত্বহীন পথৰ নাম উল্লেখ কৰি ধন মোকলাই নিয়াৰ অভিযোগ উত্থাপন হৈছে ৷সেয়ে মুখ্যমন্ত্ৰীৰ অনুমতি পালেই জেৰাৰ সন্মুখীন হ’ব ঝা ৷

ইয়াৰ পূৰ্বে সাংসদ অজিত কুমাৰ ভূঞাকো জেৰা কৰিছিল CM VIGILANCE য়ে ৷ ২৫০ পৃষ্ঠাৰ অভিযোগনামাত উল্লেখ আছে অজিত ভূঞাৰ নাম ৷ অভিযোগনামাত উল্লেখিত আছে যে অস্তিত্বহীন প্ৰকল্পৰ নামত বিষয়া-ঠিকাদাৰে মিলি আত্মসাৎ কৰিছিল কোটি কোটি টকা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 3 =

Back to top button